জলবায়ু পৰিৱৰ্তনৰ কাৰণে বায়ুমণ্ডলত অস্থিৰতা বাঢ়িছে : আই এম ডি

0
235


ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ [আই এম ডি] সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে গুৰুতৰ বতৰৰ সঠিক আগলি বতৰা দিয়াটো সমগ্ৰ বিশ্বৰ বতৰ বিজ্ঞান সংস্থাসমূহৰ বাবে জটিল হৈ পৰিছে৷ এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আই এম ডিয়ে অধিক ৰাডাৰ স্থাপন কৰিছে আৰু ইয়াৰ হাই-পাৰফৰ্মেঞ্চ কম্পিউটিং ছিষ্টেম উন্নত কৰিছে৷ তেওঁ লগতে কয় যে যদিও বাৰিষাৰ বৃষ্টিপাতে দেশখনত কোনো উল্লেখযোগ্য পৰিৱৰ্তন দেখুওৱা নাই, জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে প্ৰবল বৰষুণৰ ঘটনাৰ সংখ্যা বাঢ়িছে আৰু পাতলীয়া বৰষুণ কমিছে৷ মহাপাত্ৰই কয় যে বতৰৰ আগলি বতৰা দিয়াৰ বৰ্তমানৰ ব্যৱস্থাবোৰ উন্নত কৰি থকা হৈছে আৰু ২০২৫ চনৰ ভিতৰত আই এম ডিয়ে পঞ্চায়ত পৰ্যায়লৈকে আৰু মহানগৰবোৰৰ নিৰ্দিষ্ট অঞ্চলবোৰত সঠিক আগলি বতৰা দিবলৈ সক্ষম হ’ব৷ তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে বায়ুমণ্ডলত অস্থিৰতা বাঢ়িছে আৰু তাৰ ফলত ধুমুহা-বৰষুণ, বজ্ৰপাত আৰু প্ৰবল বৰষুণ বাঢ়িছে৷ আৰব সাগৰত বা-মাৰলীৰ তীব্ৰতাও বাঢ়িছে৷ এইবোৰে বতৰৰ আগলি বতৰা দিয়াত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ মহাপাত্ৰই কয় যে হিমালয় অঞ্চলত বতৰৰ পৰিৱৰ্তন সঘন হৈছে৷ সৰু ডাৱৰ বিস্ফোৰণৰ ঘটনা সঘনে ঘটিবলৈ লৈছে৷ ১৯০১ চনৰ পৰা বাৰিষা কালত বৰষুণৰ ডিজিটেল ডাটা আই এম ডিৰ হাতত আছে৷ উত্তৰ, পূব আৰু উত্তৰ-পূব ভাৰতৰ অংশ বিশেষত বৰষুণ কমিছে৷ আনহাতে পশ্চিম ৰাজস্থানৰ দৰে পশ্চিম ভাৰতৰ কিছুমান অঞ্চলত বৰষুণ বাঢ়িছে৷ মহাপাত্ৰই কয় যে এইবোৰ সত্ত্বেও বা-মাৰলী, ধুমুহা-বৰষুণ, গ্ৰীষ্ম প্ৰবাহ, শীত প্ৰবাহ আৰু কুঁৱলীৰ ক্ষেত্ৰত আই এম ডিৰ ভৱিষ্যদ্বাণীৰ শুদ্ধতা প্ৰায় ৩০%-৪০% বাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here