সৌন্দৰ্য চৰ্চাত মৌ

0
1699

মৌক ‘মৰ্ত্যৰ অমৃত’ বুলি কোৱা হয়; কিয়নো মিঠা সোৱাদযুক্ত মৌৰ আছে চমৎকাৰী গুণ৷ মৌ যে কেৱল স্বাস্থ্যৰ কাৰণেই প্ৰয়োজনীয়, তেনে নহয়৷ ই ছালৰ কাৰণেও খুবেই উপকাৰী৷ মৌৱে ছালখনক বহুতো পুষ্টি প্ৰদান কৰে, যাৰ দ্বাৰা আমাৰ ছালখন সুন্দৰ আৰু সতেজ হৈ থকাত সহায়ক হয়৷ সাধাৰণতে মৌত গ্লুকজ, ফ্ৰুক্টজ, প্ৰ’টিন, আইৰন, কেলচিয়াম, এমিন’ এচিড, এনজাইম আৰু বিভিন্ন এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ইয়াৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰসাধনৰ সামগ্ৰীত মৌ ব্যৱহাৰ কৰা হয়৷ মৌৱে ছালখনক মসৃণ আৰু উজ্জ্বলতা প্ৰদান কৰে৷ ছালৰ বাবে ক্লিনজাৰ, ট’নাৰ, মইশ্বৰাইজাৰ আৰু চুলিৰ কণ্ডিশ্যনাৰ হিচাপেও মৌ ব্যৱহাৰ কৰা হয়৷ গাখীৰ আৰু মৌ একেলগে মিহলাই মুখত সানিলে উজ্জ্বলতা বৃদ্ধি পায়৷ শুকান ওঁঠৰ পৰা ৰক্ষা পাবলৈ ৰাতি শোৱাৰ আগতে ওঁঠ দুটা মৌৰে অলপ মালিচ কৰিব লাগে৷ এনে কৰিলে মৃত কোষসমূহ পৰিষ্কাৰ হয় আৰু ওঁঠৰ কোমলতা বাঢ়ে৷ ৰ’দে পোৰা(sun burn)ৰ পৰা ৰক্ষা পাবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই মুখত লগাব লাগে৷ গুড়ি কৰা বাদাম, দৈ আৰু মৌৰ সৈতে মিহলাই ছালত লগালে ছাল উজ্জ্বল হয়৷ খুব বেছি শুকান চুলিৰ বাবে মৌ আৰু ক্ৰীম মিহলাই চুলিত সানিলে ৰুক্ষ অৱস্থা কমে৷ কমলা বাকলিৰ লগত মৌ আৰু দৈ মিহলাই লগালে ছালৰ মৃত কোষসমূহ মৰি গৈ ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ মুলতানি মাটি নাইবা পিঠাগুড়িৰ লগত মৌ আৰু পানীৰে তৈয়াৰ কৰা মিশ্ৰণক ফেশ্ব-পেক হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ মৌৰ লগত জেতুকাৰ তেল মিহলি কৰি চুলিত লগালে চুলি ফটা বন্ধ হয়৷ চুলিত ছেম্পু কৰাৰ পাছত মৌ মিহলি পানীৰে চুলিখিনি ধুলে, ই কণ্ডিশ্যনাৰৰ দৰে কাম কৰে৷ কণী, নাৰিকল তেল আদিৰ লগত মৌ ব্যৱহাৰ কৰিলে চুলি সৰা, উফিৰ সমস্যা নাইকিয়া হয়৷ সেয়েহে আহক, এনে এবিধ প্ৰচুৰ ঔষধি গুণসম্পন্ন প্ৰাকৃতিক দ্ৰব্য খাই বা ব্যৱহাৰ কৰি আমি আমাৰ দেহটো সুস্থ, নিৰোগী আৰু শক্তিশালী কৰি ৰাখো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here