কভিড প্ৰসংগত গৃহ মন্ত্ৰ্যালয়ৰ নতুন নিৰ্দেশনা জাৰি

0
1773

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কালি কয় যে কভিড-১৯ মহামাৰী বিয়পাটো ৰোধ কৰিবলৈ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নৈশ সান্ধ্য আইনৰ দৰে স্থানীয় নিষেধাজ্ঞাবোৰ আৰোপ কৰিব পাৰিব৷ কিন্তু কণ্টেইনমেণ্ট জ’নবোৰৰ বাহিৰত যিকোনো লকডাউন বলৱৎ কৰাৰ আগতে কেন্দ্ৰৰ সৈতে আলোচনা কৰিব লাগিব৷ ডিচেম্বৰ মাহৰ বাবে ‘ছাৰ্ভেইলেন্স, কণ্টেইনমেণ্ট এণ্ড কচন’ৰ কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰি গৃহ মন্ত্ৰ্যালয়ে কয় যে এই নীতি-নিৰ্দেশনাবোৰৰ প্ৰধান গুৰুত্ব হ’ল কভিড-১৯ বিয়পাৰ বিৰুদ্ধে ইতিমধ্যে লাভ কৰা সফলতা সুদৃঢ় কৰা৷ কাৰণ দেশখনত সক্ৰিয় কভিড-১৯ ৰোগীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰা প্ৰমাণ হয় যে মহামাৰী বিয়পা ৰোধ কৰাত সফলতা লাভ কৰা হৈছে৷ লগতে কোৱা হৈছে যে কিছুমান ৰাজ্যত নতুনকৈ সংমক্ৰমণ বৃদ্ধি পোৱা, চলি থকা উৎসৱ আৰু শীতৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই কথাত গুৰুত্ব দিয়া হৈছে যে এই মহামাৰী সম্পূৰ্ণৰূপে অতিক্ৰম কৰিবলৈ সতৰ্কতা ৰক্ষা কৰি তোলা আৰু কণ্টেইনমেণ্ট, অৰ্থাৎ নিয়ন্ত্ৰণৰ কৌশল কঠোৰভাৱে অনুসৰণ কৰাটো প্ৰয়োজনীয়৷ এই নীতি-নিৰ্দেশনা কাৰ্যকৰী হ’ব ১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ৷ গৃহ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে কিছুমান কাম-কাজৰ বাদে কণ্টেইমেণ্ট জ’নবোৰৰ বাহিৰত সকলো কাম-কাজৰ অনুমতি দিয়া হৈছে৷ যিবোৰ কাম-কাজত এতিয়াও কিছুমান নিষেধাজ্ঞা আছে, সেইবোৰৰ ক্ষেত্ৰত পৰিস্থিতিৰ মূল্যায়ন কৰি ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে সিদ্ধান্ত ল’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here