সাৱধান : ৰাজ্যত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বাঢ়িছে

0
185

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা৷ ইখনৰ পাছত সিখনকৈ জিলালৈ সংক্ৰমিত হৈছে ডেংগু৷ আনকি গুৱাহাটী মহানগৰীতো ডেংগুত আক্ৰান্ত লোকৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ডেংগুত নতুনকৈ আক্ৰান্ত হৈছে ৮৪জন লোক৷ ইয়াৰ ভিতৰত ৬৫জন লোকেই হৈছে কাৰ্বি আংলং জিলাৰ৷ আনহাতে এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাত ৯জন, ৮জন তিনিচুকীয়া জিলাত আৰু এজনকৈ ক্ৰমে বৰপেটা, বঙাইগাঁও আৰু কামৰূপ জিলাত আক্ৰান্ত হৈছে৷ ইয়াকে ধৰি এতিয়ালৈকে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৬৫০জন হৈছেগৈ৷ 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে মহানগৰীখনৰ বহুকেইখন বেচৰকাৰী হাস্পতালত ডেংগুত আক্ৰান্ত লোক চিকিৎসাধীন হৈ থকাৰ কথা পোহৰলৈ আহিছে৷ আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে ডেংগুৰ কোনো প্ৰতিষেধক নাই৷ সেয়েহে ৰাইজ  সাৱধান হোৱাটো অতি প্ৰয়োজনীয়৷ এ চি, কুলাৰ, ফুলৰ টাব আদিত জমা হৈ থকা পানীৰ পৰাই ডেংগু ৰোগ বিয়পোৱা মহৰ জন্ম হয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে সকলো সচেতন হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ ইফালে ৰাজ্যৰ প্ৰায়সমূহ জিলাতে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰা স্বাস্থ্য বিভাগে ইতিমধ্যে প্ৰতিখন জিলাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি ডেংগু যাতে নিবিয়পে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিন্তু ইয়াৰ পাছতো ডেংগুত দৈনিক আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here