সাৱধান! বাৰ্ড ফ্লুৱে নমাইছে ভয়াৱহতা

0
2151

দেশখনত ১২০০ৰো অধিক চৰাইৰ মৃত্যু হোৱাৰ এদিনৰ পাছত ১০ জানুৱাৰীত কেন্দ্ৰই কেন্দ্ৰীয় চিৰিয়াখানা কতৃৰ্পক্ষলৈ (চেণ্ট্ৰেল জু অথৰিটি, চমুকৈ চি জেড এ) দৈনিক প্ৰতিবেদন পঠিয়াবলৈ সমগ্ৰ দেশৰ চিৰিয়াখানা কতৃৰ্পক্ষসমূহক নিৰ্দেশ দিয়ে৷ ৭ খন ৰাজ্যত বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জাই দেখা দিয়া বুলি নিশ্চিত কৰা হৈছে৷ পৰিৱেশ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই দেশৰ সকলো চিৰিয়াখানাৰ কতৃৰ্পক্ষক তেওঁলোকৰ অঞ্চল এই ৰোগৰ পৰা মুক্ত বুলি ঘোষণা নকৰা পৰ্যন্ত দৈনিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ নিৰ্দেশটোত কোৱা হৈছে যে যিবোৰ অঞ্চলত বাৰ্ড ফ্লুৱে দেখা দিছে সেইবোৰ অঞ্চলত থকা চিৰিয়াখানাবোৰৰ চৰাই ৰখা ঠাইবোৰলৈ দৰ্শনাৰ্থীৰ প্ৰৱেশ নিৰীক্ষণ আৰু সীমিত কৰিব লাগে, চিৰিয়াখানাত প্ৰৱেশ কৰা সকলো বাহন ছেনিটাইজ কৰিব লাগে৷ তদুপৰি চিৰিয়াখানাৰ ভিতৰত থকা সকলো জলাশয় নিৰীক্ষণ কৰিব লাগে আৰু কৃত্ৰিম জলাশয়ৰ পানী পৰিষ্কাৰ কৰি থাকিব লাগে৷ উল্লেখযোগ্য যে কালি মহাৰাষ্ট্ৰৰ এখন পল্ট্ৰি ফাৰ্মত ৯০০ চৰাইকে ধৰি সমগ্ৰ দেশখনত ১২০০ৰো অধিক চৰাইক মৃত অৱস্থাত পোৱা হয়৷ কেন্দ্ৰই আজি কয় যে উত্তৰ প্ৰদেশতো বাৰ্ড ফ্লুৱে দেখা দিছে৷ ইয়াকে ধৰি এই ৰোগে দেখা দিয়া ৰাজ্যৰ সংখ্যা সাতখনলৈ বৃদ্ধি পালে৷ উত্তৰ প্ৰদেশৰ উপৰি বাৰ্ড ফ্লুৱে দেখা দিয়া আন ছখন ৰাজ্য হ’ল ক্ৰমে কেৰালা, ৰাজস্থান, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাট

LEAVE A REPLY

Please enter your comment!
Please enter your name here