সূৰ্য নমস্কাৰ আসন কৰিলে কি লাভ হয়?

0
1808

গ্ৰীকসকলে কৈছিল, সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ হয়, আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন৷ আমাৰ শৰীৰটোৰ সুস্বাস্থ্যৰ বাবে যেনেকৈ আহাৰৰ প্ৰয়োজন, ঠিক তেনেকৈ আসন, প্ৰাণায়াম আদিৰো প্ৰয়োজন আছে৷ প্ৰত্যেকদিনে নিয়মিতৰূপে ব্যায়াম কৰিলে শৰীৰৰ লগতে মনৰ একাগ্ৰতা আৰু শান্তিৰ বিকাশ হয়৷ এই আসনৰ ভিতৰত সূৰ্য নমস্কাৰ অন্যতম৷ সূৰ্য নমস্কাৰ আসনে আপোনাক একেলগে বাৰটা যোগাসনৰ লাভ প্ৰদান কৰে৷ সেই কাৰণে এই আসনক সৰ্বশ্ৰেষ্ঠ যোগাভ্যাস বুলি কোৱা হয়৷ সূৰ্য নমস্কাৰ আসনে শৰীৰ আৰু মগজু দুয়োকে প্ৰভাৱিত কৰে৷ ৰাতিপুৱা খালী পেটত সূৰ্য নমস্কাৰ কৰাটো ভাল৷ সূৰ্য নমস্কাৰ কৰিলে কি কি লাভ হয়, জানো আহক–

(১) সদায় ৰাতিপুৱা সূৰ্য নমস্কাৰ আসন কৰিলে ভাল টোপনি অহাত সহায়ক হয়৷
(২) এই আসনে ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যি চুলি আৰু ছাল সুন্দৰ কৰি ৰখাত সহায় কৰে৷
(৩) ভাগৰ দূৰ কৰাত এই আসনে বিশেষ ভূমিকা লয়৷
(৪) সূৰ্য নমস্কাৰে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰখাৰ লগতে শৌচ খোলোচা কৰি ৰাখে৷
(৫) তেজৰ শৰ্কৰাৰ পৰিমাণ এই আসন কৰিলে নিয়ন্ত্ৰণত থাকে৷
(৬) ইয়াৰ নিয়মিত অভ্যাসে স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ লগতে মগজু শান্ত কৰি ৰাখে৷
(৭) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সূৰ্য নমস্কাৰে সহায় কৰে৷
(৮) এই আসনে স্নায়ৱিক প্ৰক্ৰিয়া সক্ৰিয় কৰে৷
(৯) মাংসপেশী সবল আৰু সুস্থ কৰি ৰখাত এই আসনে সহায় কৰে৷
(১০) সূৰ্য নমস্কাৰে শৰীৰৰ ওজন হ্ৰাস কৰে৷
(১১) হৃদৰোগ সম্বন্ধীয় সমস্যা, কাৰ্ডিঅ’ভাছকুলাৰ নিয়ন্ত্ৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here