সাত মাহত ভাৰতত কিমান কভিড-১৯ আৱৰ্জনা উৎপন্ন হৈছে?

0
1289

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (চি পি চি বি) তথ্যৰ পৰা জানিব পৰা গৈছে যে যোৱা সাত মাহত ভাৰতত প্ৰায় ৩৩ হাজাৰ টন কভিড-১৯ বায়’মেডিকেল ৱেষ্ট, অৰ্থাৎ জৈৱ-চিকিৎসা আৱৰ্জনা উৎপন্ন হয়৷ আটাইতকৈ বেছি আৱৰ্জনা বা অৱশিষ্ট উৎপন্ন হয় মহাৰাষ্ট্ৰত (৩,৫৮৭ টন)। অক্টোবৰ মাহত সমগ্ৰ দেশখনত ৫,৫০০ টনতকৈও বেছি কভিড-১৯ আৱৰ্জনা উৎপন্ন হয় আৰু এমাহত উৎপন্ন হোৱা আৱৰ্জনা এইপৰ্যন্ত এয়েই সৰ্বাধিক৷ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ পৰা পোৱা তথ্য মতে, ২০২০ চনৰ জুনৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩২,৯৯৪ টন কভিড-১৯ সম্পৰ্কিত বায়’মেডিকেল ৱেষ্ট উৎপন্ন হয়৷ এই আৱৰ্জনাবোৰ সংগ্ৰহ কৰা হয় আৰু ১৯৮টা কমন বায়’মেডিকেল ৱেষ্ট ট্ৰিট্‌মেণ্ট ফেচিলিটিজত (চি বি ডব্লিউ টি এফ) নিষ্কাশন কৰা হয়৷ কভিড-১৯ বায়’মেডিকেল ৱেষ্টত আছে পি পি ই কিট্‌ছ, শ্বু ক’ভাৰ, গ্লাভ্‌ছ, হিউমেন টিছুজ, তেজ আৰু মানুহৰ দেহৰ পৰা ওলোৱা পনীয়া দ্ৰব্য (ফ্লুইড্‌ছ). প্লাষ্টাৰ কাষ্ট্‌ছ, কপাহ, তেজ বা দেহৰ পৰা ওলোৱা ফ্লুইড লগা বিছনাৰ কাপোৰ-কানি, ব্লাড্‌ বেগ্‌ছ, নীডল্‌ছ, ছিৰিঞ্জ ইত্যাদি৷ জুনৰ পৰা সাত মাহত আটাইতকৈ বেছি আৱৰ্জনা উৎপন্ন হয় মহাৰাষ্ট্ৰত (৫,৩৬৭ টন)৷ তাৰ পাছত কেৰালাত উৎপন্ন হয় ৩,৩০০ টন, গুজৰাটত ৩,০৮৬ টন, তামিলনাডুত ২,৮০৬ টন আৰু উত্তৰ প্ৰদেশত ২,৫০২ টন৷ ডিচেম্বৰ মাহত এনেকুৱা আৱৰ্জনা উৎপন্ন হয় ৪৫৩০ টন আৰু সৰ্বাধিক উৎপন্ন হয় মহাৰাষ্ট্ৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here