সাৱধান! দেশত জিকা ভাইৰাছৰ উপস্থিতি

0
1138
দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি দেশত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ শেহতীয়াভাৱে কেৰালাত জিকা ভাইৰাছ চিনাক্ত হৈছে৷ কেৰালাৰ তিৰুৱনন্তপুৰমত এগৰাকী গৰ্ভৱতী মহিলাৰ দেহত এই জিকা ভাইৰাছৰ উপস্থিতিৰ ঘটনা সংঘটিত হয়৷ এই জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত প্ৰথমটো ঘটনা পোহৰলৈ অহাত ৰাজ্যখনত সতৰ্কতা জাৰি কৰা হয়৷ ভাইৰাছৰ দ্বাৰা গৰ্ভৱতী মহিলাগৰাকীৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, খজুৱতি আদি সমস্যা হোৱাত যোৱা ২৮ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ চিকিৎসালয়ত তেওঁৰ আৰ টি-পি চি আৰ পৰীক্ষা কৰাত তেওঁৰ দেহত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৯জন লোকৰ পৰীক্ষা কৰাৰ পাছত তাৰে ১৩গৰাকীৰ দেহত এইবিধ ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ পুনেৰ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজিয়ে এই ভাইৰাছবিধ চিনাক্ত হোৱাৰ কথা নিশ্চিত কৰিছে৷ ইতিমধ্যে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে সকলো জিলাৰ স্বাস্থ্য বিষয়াসকলক ভাইৰাছবিধৰ সংক্ৰমণ যাতে আৰু অধিক বৃদ্ধি নাপায়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here