লিচুত লুকাই আছে কি?

0
2151

লিচু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পোৱা এবিধ ৰসাল ফল৷ গ্ৰীষ্মকালত হোৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম (Litchi chinensis)৷ মে’ মাহত সাধাৰণতে ইয়াৰ ফল পকিবলৈ আৰম্ভ কৰে৷ ই এবিধ সপুষ্পক উদ্ভিদ৷ ইয়াৰ গা-গছডাল ১০-৩৫ মিটাৰপৰ্যন্ত ওখ হয়৷ এইবিধ ফল দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে সোৱাদ লগা৷ লিচু আমাৰ শৰীৰৰ বাবে বেছ উপকাৰী৷ ই বিভিন্ন ধৰণে আমাৰ শৰীৰৰ ৰোগ নিমূূৰ্ল কৰে৷
(১) লিচুত থকা এণ্টিঅক্সিডেণ্ট আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে৷
(২) লিচুত অলিগনাল নামেৰে এক উপাদান পোৱা যায়, যিয়ে নাইট্ৰিক এচিড উৎপন্ন কৰে৷
(৩) লিচুই শৰীৰৰ ৰক্তচাপৰ মাত্ৰা ঠিকে ৰাখে৷
(৪) লিচুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে ই কেঞ্চাৰ বিশেষকৈ, স্তন কেঞ্চাৰ নিয়ন্ত্ৰণত সহায় কৰে৷
(৫) প্ৰতি ১০০ গ্ৰাম লিচুত মাত্ৰ ৬৬ কেল’ৰি থাকে৷ ইয়াত ফাইবাৰ পোৱা যায় বাবে দেহৰ চৰ্বি কমোৱাত অৰিহণা যোগায়৷ শৰীৰৰ ওজন কমাবলৈ লিচু খোৱাটো দৰকাৰী৷
(৬) বিভিন্ন ধৰণৰ ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হ’ব পাৰে৷ সাধাৰণতে দেখা যায় ইনফ্লুৱেঞ্জাজনিত ৰোগত লিচু খালে সুফল পোৱা যায়৷
(৭) লিচুই হজম শক্তি বৃদ্ধি কৰে৷ লিচুত পোৱা পানী আৰু ফাইবাৰে খোৱাবস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷
(৮) লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ফলত ছাল, দাঁত, হাড় আদি সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷
(৯) এইবিধ ফল আমাৰ শৰীৰৰ ইমিফনিটি প্ৰক্ৰিয়া বঢ়োৱাত সহায় কৰে৷
(১০) মুখমণ্ডলত পৰা বলিৰেখা কমোৱা বা নাইকিয়া কৰাত লিচুৰ আছে উপকাৰী গুণ৷
সেয়েহে এনে এবিধ সোৱাদযুক্ত অসাধাৰণ গুণবিশিষ্ট ঋতুকালীন ফল সকলোৱে খোৱাটো উচিত, যিয়ে শৰীৰত হ’ব পৰা ৰোগ নিৰাময় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here