সহজ ভাষাত মায়’পিয়া কি? আপোনাৰো আছে নেকি এই সমস্যা ? What is myopia in simple terms? Do you too have that problem?

0
874

মানৱ সমাজত এনেকুৱা কিছু লোক আছে, যিয়ে ওচৰৰ বস্তু ঠিকে দেখা পায়, কিন্তু দূৰৰ বস্তু ভালকৈ মণিব নোৱাৰে৷ আজিকালি শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকৰ মাজত এই সমস্যাই যথেষ্ট প্ৰভাৱিত কৰা পৰিলক্ষিত হয়৷ চকুৰে দূৰৰ বস্তু স্পষ্টকৈ দেখা নোপোৱা এই সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত মায়’পিয়া বুলি কোৱা হয়৷

মায়’পিয়া হ’লে দূৰৰ বস্তু স্পষ্টকৈ দেখা নোপোৱা, দূৰৰ বস্তু চালে চকুৰ বিষ হোৱা, মূৰৰ বিষ, চকুৰ পৰা পানী ওলোৱা, ৰাতি গাড়ী চলাওঁতে অসুবিধা পোৱা, ঘনে ঘনে চকু টিপিওৱা আদি লক্ষণসমূহে দেখা দিয়ে৷

Is It Bad to Rub Itchy Eyes?


শিশুসকলৰ মায়’পিয়া হ’লে তেওঁলোকৰ মাজত সাধাৰণতে দেখা দিয়া লক্ষণসমূহ হ’ল– শ্ৰেণীকোঠাত ব’ৰ্ডত লিখা আখৰ ভালকৈ চিনি নোপোৱা, বাৰে বাৰে চকু মোহৰা, পঢ়াত মন নবহা ইত্যাদি৷

Community Eye Health Journal » Cochrane Eyes and Vision: systematic reviews on myopia

সাধাৰণতে পৰিয়ালৰ কাৰোবাৰ এই সমস্যা থাকিলে বংশগতভাৱে এই ৰোগ বিস্তাৰিত হয়৷ ইয়াৰ উপৰি টিভি, ম’বাইল, কম্পিউটাৰ আদি বেছিকৈ চোৱা বা প্ৰাকৃতিক পোহৰ অৰ্থাৎ পৰ্যাপ্ত সূৰ্যৰ ৰশ্মিৰ পৰা বঞ্চিত হোৱা আদি কাৰণতো মায়’পিয়া হ’ব পাৰে৷
গতিকে আপোনাৰো যদি মায়’পিয়া হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক লগতে টিভি, ম’বাইল আদি অত্যধিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here