এইদৰে তেল মালিচেৰে কৰক ‘Self-Care’ || Massage yourself with oil in this manner for self care

0
278
অভ্যংগ অৰ্থাৎ শৰীৰক গৰম তেলেৰে মালিচ কৰাটো এক প্ৰাচীন আয়ুৰ্বেদিক পদ্ধতি৷ বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া আমাৰ শৰীৰৰ অংগসমূহ জথৰ হৈ থাকে, তেতিয়া গৰম তেলেৰে মালিচ কৰিলে দেহৰ অংগসমূহ সক্ৰিয় হৈ পৰে৷ লগতে ঠাণ্ডা দিনত ছাল শুষ্ক হৈ যোৱা সমস্যাও নিবাৰণ কৰিব পাৰে শৰীৰত গৰম তেলেৰে মালিচ কৰিলে৷ সেয়েহে আপুনিও যদি নিজৰ দেহটোক ভাল পায়, ইয়াৰ যতন ল’বলৈ বিচাৰে, তেন্তে দৈনিক এই ৰুটিন অনুসৰণ কৰক৷

(১) প্ৰথমে এটা পাত্ৰত তেল গৰম কৰি লওক৷ তাৰ পাছত সামান্য গৰম তেল মূৰত লগাই চাৰ্কুলাৰ মোশ্যনত মালিচ কৰক৷


(২) এনেদৰে তেলেৰে মূৰ, কাণৰ বাহিৰ অংশ মালিচ কৰি উঠি গল, ডিঙি, কান্ধ আদি মালিচ কৰক৷

Learn Chest Oil Massage Head and Neck Oil Massage Back Oil Massage


(৩) তেল মালিচ কৰাৰ আগতে তেলখিনি কিছুসময় ছালত সো যাবলৈ দিব লাগে৷ তাৰ পাছতহে আঙুলি আৰু হাতৰ তলুৱাৰ সহায়ত আলফুলে মালিচ কৰিব লাগে৷


(৪) ইয়াৰ পাছতে বাহু, বুকু, পেট আদি অংশ মালিচ কৰক৷ মনত ৰাখিব আপোনাৰ হাৰ্টত যাতে বেছি জোৰ নপৰে৷


(৫) ইয়াৰ ঠিক পাছতে শৰীৰৰ পাছ অংশ অৰ্থাৎ পিঠি, কঁকাল আদি অংশ লাহে লাহে মালিচ কৰক৷ এনেদৰে মালিচ কৰি উঠি ১০-১৫ মিনিটমান শৰীৰটোক জিৰণি দিয়ক, যাতে তেলখিনি ভালকৈ ছালৰ ভিতৰত সোমাই যায়৷

Female spa technician back massage with essential oil photo image_picture free download 501703694_lovepik.com


(৬) এতিয়া আহক ভৰিলৈ৷ মনত ৰাখিব যিহেতু দিনৰ দিনটো আমাৰ গোটেই শৰীৰৰ ভাৰসাম্য ভৰি দুখনে বহন কৰে, সেয়েহে ইয়াৰ উপযুক্ত যত্নৰ প্ৰয়োজন৷ অলপ সৰহকৈ তেল লৈ ভৰি, কলাফুল, উৰু, ভৰিৰ আঙুলি, ভৰিৰ তলুৱা আদি বেছি সময় মালিচ কৰক৷ মনত ৰাখিব ভৰিৰ তলুৱাত বেছিকৈ জোৰ দিলেও ভৰিৰ ওপৰৰ পতাত লাহে লাহে আঙুলিৰে মাচাজ কৰা উচিত৷

Ayurvedic oil foot massage stock photo. Image of treatment - 1941078

LEAVE A REPLY

Please enter your comment!
Please enter your name here