পুৰৈবৰণীয়া চাউলৰ জাত কৃষকলৈ মুকলি || Farmers to get purple rice variety

0
1404

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বুঢ়ালিকচনস্থিত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত এখন কৃষক মেলাত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা এবিধ পুৰৈবৰণীয়া চাউল ‘লাৱণ্য’ আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই৷ ইয়াৰ পিছতে কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আমাৰ কৃষিভূমি সংকোচন হৈ আহিছে, অথচ জনসংখ্যা বৃদ্ধি পাই আছে৷ এনে পৰিপ্ৰেক্ষিতত আমাৰ কৃষকসকলে কম মাটিত অধিক উৎপাদন বা বহু তৰপীয়া খেতিত গুৰুত্ব দিব লাগিব৷ বৰ্তমান ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বৰাই লগতে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা প্ৰথম পুষ্টিসমৃদ্ধ পুৰৈবৰণীয়া চাউল বা পাৰ্পল ৰাইচৰ অধিক উৎপাদনক্ষম জাতে অসমৰ কৃষকক আন্তৰ্জাতিক বজাৰ দখল কৰাত বিশেষভাৱে সহায় আগবঢ়াব৷ প্ৰতিবিঘাত ১৮ মোনকৈ উৎপাদন দিয়া এই পুষ্টিসমৃদ্ধ পাৰ্পল ৰাইচৰ খেতিয়ে কৃষকক পৰম্পৰাগতভাৱে কৰি অহা ধানখেতিতকৈ অধিক লাভৰ বাট মুকলি কৰিব বুলি আশাবাদী কৃষি মন্ত্ৰী অতুল বৰা৷ তেওঁ কৃষি যান্ত্ৰিকীকৰণত গুৰুত্ব আৰোপ কৰি চৰকাৰে আগবঢ়োৱা ৰাজসাহায্যযুক্ত যন্ত্ৰ-পাতিৰে ক্ৰয় কৰি কৃষি ক্ষেত্ৰলৈ নতুনত্ব আনিবলৈ আহ্বান জনায়৷ অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যৰ কৃষিখণ্ডলৈ যুগান্তকাৰী সফলতা আনিছে বুলিও ভাষণত মন্ত্ৰী বৰাই উল্লেখ কৰে৷ বৰাই লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উত্তৰ- পূৰ্বাঞ্চলৰ একমাত্ৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ গোলাঘাট জিলাৰ বুঢ়ালিকচনস্থিত কেন্দ্ৰটোৱে ৰাজ্যৰ কৃষিখণ্ডলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here