শীতকালত ওঁঠযুৰিৰ যতন কিদৰে ল’ব ? How to take care of your lips during winter?

0
591
শীতকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ লগতে বায়ুৰ আদ্ৰৰ্তা, উষ্ণতা আদিৰো পৰিৱৰ্তন হয়৷ আদ্ৰৰ্তাৰ পৰিৱৰ্তনৰ ফলত আমাৰ দেহ, ছাল আদিত প্ৰভাৱ পৰে৷ বিশেষকৈ ছাল শুকান হোৱা, ওঁঠ ফটা, গোৰোহা ফটা আদি শীতকাল অহাৰ পাছত আৰম্ভ হয়৷ যিসকলৰ ছাল শুষ্ক, এই সময়ত তেওঁলোকৰ ওঁঠ শুকান হয় আৰু শেষত ওঁঠ ফাটে৷ সেয়েহে ওঁঠৰ ছাল শুকান হোৱাৰ লগে লগে সচেতন হোৱা দৰকাৰ৷ এনে অৱস্থাত ওঁঠযুৰিৰ কিদৰে যতন ল’ব জানো আহক৷

(১) শীতকালত যিহেতু শৰীৰ আৰ্দ্ৰ হৈ থাকে, সেয়ে শীতকালত যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে৷ ইয়ে ছালখনক আদ্ৰৰ্তাৰ পৰা সুৰক্ষা দিয়ে৷


(২) শীতকালত ভিটামিন-C জাতীয় খাদ্য যেনে নেমু, আমলখি, অন্য টেঙাজাতীয় ফল আদি যথেষ্ট খাব লাগে৷


(৩) আমাৰ বহুতৰে ওঁঠযুৰি চেলেকি থকাৰ এটা অভ্যাস আছে৷ এই বদঅভ্যাস ত্যাগ কৰিব লাগে, কিয়নো শীতকালত যিহেতু ছালখন শুকান হৈ থাকে, সেয়েহে বাৰে বাৰে চেলেকি থাকিলে আৰু বেছি শুকান হৈ যায়৷ ফলত ছালখন ফাটিবলৈ আৰম্ভ কৰে৷

Woman Licking Lips With Tongue. Seductive Lips Close Up. Stock Photo, Picture And Royalty Free Image. Image 96360263.


(8) শীতত ওঁঠ শুকাই যোৱাৰ সমস্যা থাকিলে লিপবাম লগত ৰাখক৷ ইয়াৰ লগতে ওঁঠ ফাটিবলৈ আৰম্ভ কৰিলে কেতিয়াও ওঁঠ কামুৰি নাথাকিব৷


(৫) ৰাতি শোৱাৰ আগতে ওঁঠযুৰিত মৌ বা ঘিউ অলপমান লগাই দিয়ক৷ ১৫ মিনিটমান লগোৱাৰ পাছত ধুই দিব৷

Honey for chapped lips – Virtues, Causes, Application, Tips, and More


(৬) ঘৰতে নেমুৰ ৰস, মৌ আৰু চেনিৰ এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটোত নাৰিকল তেল দি এটা স্ক্ৰাব প্ৰস্তুত কৰক৷ ৰাতি শোৱাৰ আগতে এই স্ক্ৰাবটো ওঁঠত সদায় ব্যৱহাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here