শীতকালত অধিক পৰিমাণে কমলা কিয় খাব লাগে?

0
1178

শীতকালত হোৱা ফলবোৰৰ ভিতৰত কমলা অন্যতম৷ সাধাৰণতে নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা বজাৰত ভৰি পৰে৷ এইবিধ ফল শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰে৷ কমলা এবিধ অতি ৰসযুক্ত জনপ্ৰিয় ফল৷ ইয়াৰ বৈজ্ঞানিক নাম চাইট্ৰাছ ৰিটিকুলেটা [Citrus reticuleta]৷ কমলা গছজোপা প্ৰায় ১০ মিটাৰ উচ্ছতা পৰ্যন্ত হয়৷ ইয়াৰ ডালবোৰ কাঁইটীয়াযুক্ত৷ পাতবোৰ চিৰহৰিৎ আৰু ৮-১০ চেঃ মিঃ দীঘল হয়৷ ইয়াৰ ফলবোৰ পকিলে কমলা বৰণীয়া হয় লগতে সোৱাদযুক্ত৷ কমলাত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ইয়াৰ ৰসত ভিটামিন-চি যথেষ্ট পৰিমাণে থাকে৷ কমলাই শৰীৰত তেজ চলাচল নিয়মিত ৰখাত সহায় কৰে৷ শৰীৰৰ ওজন কমোৱাত কমলাই অৰিহণা যোগায়৷ চকুৰ দৃষ্টিশক্তিৰ বাবে ভিটামিন-এ ৰ প্ৰয়োজন৷ কমলাত পোৱা ভিটামিন-এয়ে চকুৰ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ কমলা টেঙা ছালৰ বাবে মহৌষধ৷ কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে৷ কমলাৰ ৰসে তেজত কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে৷ কমলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়৷ হজম শক্তি বৃদ্ধিত কমলাই প্ৰভূত অৰিহণা যোগায়৷ কমলাই ষ্ট্ৰ’ক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি, বিশেষকৈ গৰ্ভৱতী মহিলাক নিয়মিতকৈ কমলা খাব দিব লাগে৷ কমলাৰ ৰসে মুখ আৰু জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংগত হোৱা ঘা নিৰাময় কৰিব পাৰে৷ সেয়েহে আহক শীতকালত পোৱা বিভিন্ন উপাদানেৰে ভৰপূৰ এইবিধ ফল নিয়মিতভাৱে খাই স্বাস্থ্যৰ সুৰক্ষা অটুট ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here