শিশুৰ ভেক্‌চিনৰ বাবে কেন্দ্ৰৰ অনুমতিৰ অপেক্ষা (Centre’s nod awaited for vaccination of children)

0
246
ক’ভিড টাস্ক ফ’ৰ্চৰ মুৰববী ভি কে পালে কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে শিশু আৰু কিশোৰ-কিশোৰীসকলক ভেক্‌চিন দিয়া সন্দৰ্ভত চৰকাৰে এটা চূড়ান্ত সিদ্ধান্ত ল’ব৷ তেওঁ কয় যে সামগ্ৰিক বৈজ্ঞানিক যুক্তিপূৰ্ণ ব্যাখ্যাৰ ভিত্তিত আৰু লগতে ভেক্‌চিনৰ পৰ্যাপ্ত যোগান পৰিস্থিতিৰ ভিত্তিত ১৮ বছৰ বয়সৰ তলৰসকলক কভিডৰ ভেক্‌চিন দিয়া সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ উল্লেখ্য যে জাইডাছ কেডিলাই থলুৱাভাৱে উদ্ভাৱন কৰা বেজীবিহীন কভিড-১৯ৰ ভেক্‌চিন জাইকভ-ডি ভাৰতত ১২-১৮ বছৰ বয়সৰ গোটৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে প্ৰথমটো ভেক্‌চিন হ’ব৷ এই ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হৈছে৷ উল্লেখ্য যে দুবছৰ বয়সৰ ঊধবৰ্ৰ লোকসকলৰ বাবে বৰ্তমান ভাৰতত তিনিটা ভেক্‌চিন ব্যৱহাৰ কৰি থকা হৈছে– কভিশ্বিল্ড, কভেক্সিন আৰু স্পুটনিক ভি৷ তিনিওটা ভেক্‌চিনৰ দুটা পালি ল’ব লাগে৷ PTI-ক দিয়া এটা সাক্ষাৎকাৰত পালে লগতে এইবুলি সতৰ্ক কৰি দিয়ে যে ক’ভিডৰ সংক্ৰমণ আৰু দ্বিতীয় ঢৌ কমিছে যদিও শোচনীয় অৱস্থা পাৰ হৈ গ’ল বুলি এতিয়াই ক’ব নোৱাৰি, কাৰণ বহু দেশত দুটাতকৈ বেছি ঢৌ দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here