লোকৰ পিঠাৰে কোনে পাতিছে আবতৰীয়া বিহু?

0
2503

আজি কিছুদিনৰ পৰা দেখা গৈছে যে আমাৰ ফেচবুক একাউণ্ট, স্বাস্থ্য ফেচবুক গ্ৰুপ আৰু  হে’লথ্ প্লাছ নিউজ হে’লথ্ পোৰ্টেলৰ লগতে স্বাস্থ্য-বাৰ্তা, জি এন আৰ চি স্বাস্থ্য, সাদিন, প্ৰতিদিন আদি প্ৰতিষ্ঠিত আলোচনী, বাতৰি- কাকত আদিত প্ৰকাশিত অসংখ্য লেখা এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিস্থানে নিজৰ ফেচবুক পেজত ক’পি পেষ্ট কৰি নিজৰ প্ৰতিস্থানত উপলব্ধ সেৱা আৰু চিকিৎসকৰ বিজ্ঞাপনৰ কামত ব্যৱহাৰ কৰিছে। 

মেডিচিটি আদিত্য নামৰ গুৱাহাটীৰ এই ব্যবসায়িক প্ৰতিস্থান টোৱে লেখকৰ অনুমতি নোলোৱাকৈ বা লেখকক একো নজনোৱাকৈ নিজৰ ব্যৱসায়িক স্বাৰ্থসিদ্ধি আৰু মুনাফা লাভৰ বাবে কৰা এই কাম গৰ্হিত।

জনহিতাৰ্থে প্ৰকাশিত বুলি দাবী কৰা এনে ব্যৱসায়িক প্ৰতিস্থানে এম এছ এম ই ত পঞ্জীকৃত পোৰ্টেল হে’লথ্ প্লাছৰ পেজত প্ৰকাশিত বিষয়বস্তুও নি নিজৰ পেজত প্ৰকাশ কৰি বা-বা ল’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।  হে’লথ্ প্লাছত ইতিমধ্যে প্ৰকাশিত “অন্য বীৰ সকলোলৈও ছেল্যুট”, নিয়মীয়া বাৰ্তাত ২০ মাৰ্চ, ২০২০ ত প্ৰকাশিত “কিডনী ষ্টোন আৰু ইয়াৰ চিকিৎসা” আদি লেখাসমূহ লেখকৰ অনুমতি অবিহনে এই ব্যৱসায়িক গোষ্ঠীয়ে নিজৰ পেজত প্ৰকাশ কৰি লগত নিজৰ প্ৰতিস্থানৰ বিজ্ঞাপন সংলগ্ন কৰি প্ৰকাশ কৰিছে। এই কথাও জানিব পৰা গৈছে যে বিশিষ্ট চিকিৎসক ডাঃ মৃণাল বৈশ্য, ডাঃ বন্দনা শৰ্মা, ডাঃ মনোজ শইকীয়া আদি বহু চিকিৎসকে অশেষ কষ্ট কৰি, বহুমূলীয়া সময় খৰচ কৰি লিখি উলিওৱা অগনণ লেখা কোনো চিকিৎসকৰেই অনুমতি নোলোৱাকৈ কেবল ব্যৱসায়িক স্বাৰ্থসিদ্ধিৰ অৰ্থে বিজ্ঞাপনৰ বাবে প্ৰকাশ আৰু প্ৰচাৰ কৰা কাৰ্যত সকলো চিকিৎসকে অসন্তুষ্টি ব্যক্ত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here