মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত কভিড টিকাকৰণ নিশ্চিত কৰক: উচ্চতম ন্যায়ালয়

0
1105
মানসিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহত ৰখা লোকসকলৰ কভিড-১৯ পৰীক্ষা আৰু যথাসম্ভৱ সোনকালে তেওঁলোকৰ সম্পূৰ্ণ টিকাকৰণ নিশ্চিত কৰিবলৈ যোৱা ৬ জুলাইত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিয়ে৷ মহাৰাষ্ট্ৰ চৰকাৰে মানসিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহত থকা ৰোগীসকলক ভিখাৰী গৃহবোৰলৈ স্থানান্তৰ কৰা বিষয়টো গুৰুত্ব সহকাৰে লৈ ন্যায়াধীশদ্বয় ডি ৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহক লৈ গঠিত এখন পীঠে তৎক্ষণাৎ এই ব্যৱস্থা বন্ধ কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক নিৰ্দেশ দিয়ে আৰু কয় যে এইটো হিতে বিপৰীত হ’ব আৰু মানসিক স্বাস্থ্য আইনৰ ব্যৱস্থাৱলীৰ পৰিপন্থী৷ আৰোগ্য লাভ কৰা সত্ত্বেও যিসকল লোক এতিয়াও মানসিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহত থাকিবলগীয়া হৈছে বা যিসকলক এতিয়াও চিকিৎসাৰ প্ৰয়োজন, সেইসকলৰ বিষয়ে দাখিল কৰা সংখ্যাত থকা ত্ৰুটী আঁতৰাবলৈ পীঠখনে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়ে৷ অধিবক্তা গৌৰৱ বানছালে দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ পীঠখনে এই নিৰ্দেশ দিয়ে৷ শুনানি কালত কেন্দ্ৰৰ হৈ ওকালতি কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল মাধৱী দিৱানে কয় যে ৰাজ্যসমূহে দিয়া তথ্যত কিছুমান ত্ৰুটী আছে আৰু সেইবোৰ তেওঁলোকক আঙুলিয়াই দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here