ডেংগু, জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

0
1249
ৰাজ্যত প্ৰতিবছৰে বাৰিষাৰ এই সময়ছোৱাত ডেংগু, এনকেফেলাইটিছ আদি ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ সাধাৰণতে এই সময়ছোৱাত এইবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পৰিলক্ষিত হয়৷ কৰ’নাৰ সমান্তৰালভাৱে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে যাতে জনসাধাৰণৰ জীৱন বিপদাপন্ন কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৬ জুলাইত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত জিলাখনত যাতে জাপানীজ এনকেফেলাইটিছে গা কৰি উঠিব নোৱাৰে, তাৰ বাবে বিভাগসমূহৰ কৰণীয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ মহে যাতে বংশ বৃদ্ধি কৰিব নোৱাৰে, সেই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সভাত গুৰুত্ব প্ৰদান কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here