মহিলাৰ পিৰিয়ডৰ সমস্যাতনিয়মিত এই পানীয় খাওক

0
336


মহিলাসকলৰ পিৰিয়ড বন্ধৰ সমস্যাটে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা নিৰ্দিষ্ট সময়ত পাছত পিৰিয়ডৰ এই প্ৰক্ৰিয়াটো নোহোৱা হৈ যায়৷ কিন্তু ঋতুস্ৰাৱ চলাকালীন সময়ত মহিলাসকলৰ পেটৰ বিষ, অত্যধিক ব্লিডিং হোৱা আদি শাৰীৰিক বিভিন্ন অসুবিধাই দেখা দিয়ে৷ সেই সময়ত মহিলাসকলে খাদ্য খোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ দিব লাগে৷ ঘৰতে এবিধ বিশেষ ধৰণৰ পানীয় প্ৰস্তুত কৰি মহিলাসকলে ঋতুস্ৰাৱকালীন সময়ত যথেষ্ট উপকাৰ লাভ কৰিব পাৰে৷ ইয়াৰ লগতে এই পানীয়বিধ সেৱন কৰাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যা সমাধান হ’ব পাৰে৷
পুৱা শুই উঠিয়েই চাহৰ কাপৰ চুমুক দিয়াৰ অভ্যাস কম-বেছি সকলোৰে আছে৷ পুৱা গৰম ধোঁৱা বলি থকা চাহকাপ নাখালে দিনটোৰ আৰম্ভণিয়েই যেন ভাল নহয়৷ মনত ৰখা ভাল যে পুৱাই গাখীৰ-চেনি দিয়া কাঢ়া চাহকাপ কিন্তু মুঠেও স্বাস্থ্য কাৰণে ভাল নহয়৷ তাৰ পৰিৱৰ্তে ডালচেনি, গুৱামূৰী বা মেথিৰ তৈয়াৰ কৰা চাহ সেৱন কৰিলে স্বাস্থ্যৰক্ষাৰ কাৰণে অতি উত্তম বুলি ভবা হয়৷ এইদৰে প্ৰস্তুত কৰা চাহে সোৱাদ বৃদ্ধি কৰাৰ লগতে শাৰীৰিক নানা সমস্যা সমাধান কৰে৷ এইধৰণৰ চাহ দিনটোৰ যিকোনো সময়তে খাব পাৰে৷ জানো আহক এই পানীয়বিধৰ কি কি গুণাগুণ আছে৷
পুৱাই এইদৰে বনোৱা চাহ খোৱাৰ ফলত শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰি দিয়ে৷ এই পানীয় নিয়মিত সেৱন কৰিলে কিডনী সুস্থ থাকে৷ তেজ চলাচল প্ৰক্ৰিয়া স্বাভাৱিক হয়৷ ইয়াৰ লগতে এই চাহে ছালৰ উজ্জ্বলতা বঢ়াই তোলে৷
এই পানীয়ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ যিসকলৰ সঘনাই দ্বৰ, চৰ্দি, কাহ আদি ভুগি থাকে, তেওঁলোকে নিয়মিতভাৱে এই চাহ সেৱন কৰিলে উপকাৰ পাব পাৰে৷
এই চাহে হজম শক্তি উন্নত কৰে৷ হজম শক্তি বৃদ্ধি কৰি বিপাক ক্ৰিয়া ঠিক ৰাখিবলৈ নিয়মিতভাৱে এই চাহ খাব পাৰে৷ ইয়াৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাত এইবিধ চাহ অতি উত্তম৷
ডালচেনি, গুৱামূৰী আৰু মেথিৰে প্ৰস্তুত কৰা চাহে ডায়েবেটিছ নিয়ন্ত্ৰণ সহায় কৰে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত এইবিধ চাহ বিশেষভৱে কাৰ্যকৰী৷
যিসকল মহিলাই পিৰিয়ডৰ সমস্যাত ভুগি আছে, তেওঁলোকে নিয়মিতভাৱে এই চাহ সেৱন কৰিলে উন্নত ফল পাব৷ শৰীৰৰ হৰমনৰ ভাৰসাম্য ঠিক ৰখাৰ উপৰি ঋতুস্ৰাৱ নিয়মিতভাৱে সঠিক সময়ত হোৱাত এইবিধ চাহে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here