ভাৰাত পোৱা যায় পৰিয়াল : ক’ত ?

0
407


জাপানত এতিয়া অকলশৰে থকাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত দেশখনত পৰিয়ালৰ ভেটি নোহোৱা হোৱাৰ দিশত আগবঢ়া পৰিলক্ষিত হৈছে৷ নেশ্যনেল ইনষ্টিটিউট অব্‌ পপুলেশ্যন এণ্ড ছ’চিয়েল ছিকিউৰিটিৰ তথ্য মতে জাপানত ২০৪০ চনলৈ ৪০ণতকৈ অধিক ঘৰত অবিবাহিত লোক থাকিব, যাৰ বিবাহৰ বয়স পাৰ হৈছে৷ পৰিয়ালৰ নামত এনে লোকৰ ঘৰত থাকিব কেৱল বৃদ্ধ পিতৃ-মাতৃ৷ এনে অৱস্থাতে অকলশৰে থকা লোকসকলক লক্ষ্য কৰি জাপানৰ ভাৰাত পৰিয়াল দিয়াৰ ব্যৱসায় আৰম্ভ হৈছে৷ ইয়াৰ অধীনত ভাৰাত পৰিয়ালৰ সদস্য পোৱা যাব৷ উল্লেখযোগ্য যে জাপানী লোকসকল অতিমাত্ৰা কৰ্মী আৰু তেওঁলোকৰ অতিমাত্ৰা কৰ্মস্পৃহাই এতিয়া বহুতৰ জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰিছে৷ দশখনৰ যুৱপ্ৰজন্নৰ পৰা বৃদ্ধসকললৈকে সকলোৱে নিজৰ কামত অধিক মনোনিৱেশ কৰে৷ তেওঁলোকে নিজৰ পৰিয়ালক সময় দিবলৈ নিবিচাৰে বা পৰিয়াল, সংসাৰ পতাৰ প্ৰতি আগ্ৰহীও নহয়৷ ইয়াৰ ফলত দেশখনত পৰিয়াল নোহোৱা হোৱাৰ দিশত আগবাঢ়িছে৷ জাপানী চৰকাৰৰ তথ্য মতে দেশখনত অকলশৰে নিজৰ ঘৰত থকা লোকৰ সংখ্যা ৰ.প্ত নিযুতলৈ বৃদ্ধি পাইছে৷ তেওঁলোকে কাৰ্যালয়লৈ যায় যদিও কোনো সামাজিক কামত জড়িত নহয়৷ অকলশৰে থকা লোকক ঘৰভাৰা নিদিয়া হৈছে বা বিয়া-বাৰুৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱা হৈছে৷ সেয়েহে এই লোকসকলৰ পৰিয়ালৰ সদস্যৰ অভাৱ পূৰণৰ বাবে ব্যৱসায় আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে পৰিয়ালৰ সদস্য বিচাৰিলে ভাৰাত পোৱা যায়৷ ইয়াৰ বাবে অকলশৰে থকা লোকে ঘণ্টা হিচাপতো পৰিয়ালৰ সদস্য ভাৰাত ল’ব পাৰিব৷ তেওঁ বিচৰা পৰিয়ালৰ সদস্যজন কেনেকুৱা হ’ব, কেনেধৰণৰ বস্ত্ৰ পৰিধান কৰা হ’ব লাগিব, আচাৰ-ব্যৱহাৰ কেনেকুৱা হ’ব লাগিব, সেই বিষয়ে আগতীয়াকৈ জনাব পাৰিব৷ ২০০ ডলাৰত এঘণ্টাৰ বাবে কোনো লোকে বিচাৰিলে মাতৃ-পিতৃ, ভাতৃ-ভগ্নী, স্বামী-স্ত্ৰী ভাৰাত লাভ কৰিব পাৰিব৷ কিছুমান লোকে ভাৰাত পোৱা পৰিয়ালৰ সৈতে আনকি ফুৰিবলৈও যায়৷ একাংশ কোম্পানীয়ে এতিয়া ভাৰাত ভাতৃ বা ভগ্নীৰো যোগান ধৰে৷ তেনে ভাতৃ-ভগ্নী কেইবা দিন বা সপ্তাহ ভাৰাত লোৱা লোকজনৰ লগত থাকিব পাৰিব আৰু তেওঁলোকৰ থকা-খোৱা, অহা-যোৱাৰ সম্পূৰ্ণ ব্যয় বহন কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here