এইবোৰ খাদ্যই শৰীৰতহেপ্পী হৰমন বঢ়ায়

0
616


ষ্ট্ৰেচ এটা গুৰুতৰ সমস্যা, যিয়ে আপোনাৰ স্বাস্থ্যৰ বহুত ক্ষতি কৰিব পাৰে৷ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত খাদ্য গ্ৰহণ কৰা উচিত৷ আজিকালি ব্যস্ত জীৱনশৈলী তথা কামৰ বোজা, কৰ্মব্যস্ততা জীৱন আদিৰ কাৰণে মানসিক চাপ এটা গুৰুতৰ সমস্যা হিচাপে দেখা দিছে৷ এই মানসিক চাপে শৰীৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়৷ এই কাৰণে আপোনাৰ ক্লান্তি, পেশী, বুকুৰ বিষ, যৌন স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ, মনোযোগৰ অভাৱ, আভোগ, খং ৰাগ আদি বাঢ়ি যোৱা সমস্যাই দেখা দিব পাৰে৷ যাৰ ফলত আপোনাৰ মানসিকভাৱে অসুস্থ কৰি তুলিব পাৰে৷ এই মানসিক চাপ বা ষ্ট্ৰেচৰ লগত মোকাবিলা কৰিবলৈ খাদ্যৰ দিশত বিশেষ নজৰ দিব লাগে৷ কিছুমান এনে খাদ্য আছে, যিবোৰ খালে মানসিক চাপৰ পৰা মুুক্তি পাব পাৰি৷ পুষ্টিবিদৰ মতে এনে কিছুমান খাদ্য আছে, যিবোৰে মস্তিষ্কক সুখী কৰি ৰাখিব পাৰে৷ এই খাদ্যই মগজুত হেপ্পী হৰমনৰ সৃষ্টি কৰি মানসিক চাপ, উদ্বেগ, ষ্ট্ৰেচ আদিৰ পৰা দূৰত ৰাখে৷
বুট, ৰাজমা, লুবিয়া আদি মাহজাতীয় শস্য তথা শাক আদি ভিটামিন-বিযুক্ত খাদ্য খোৱাৰ ফলত ষ্ট্ৰেচ কমাই ৰখাত সহায় কৰে৷ যেতিয়া মানসিক চাপ থাকে, তেতিয়া শৰীৰত ভিটামিন-বি মগজুৱে ব্যৱহাৰ কৰি থাকে৷ গতিকে সেই সময়ত ভিটামিন-বি যুক্ত খাদ্য গ্ৰহণ কৰা ভাল৷
আনহাতে গাজৰ, বিট আদিয়ে মানসিক চাপ কমাই ৰখাত সহায় কৰে৷
সেউজীয়া শাক-পাচলি মেগনেচিয়ামৰ ভাল উৎস৷ সেউজীয়া শাক-পাচলি নিয়মিতভাৱে খালে মানসিক চাপ, উদ্বেগ আদিৰ বিৰুদ্ধে যুঁজ দিব পাৰে৷
ভিটামিন-চি থকা খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়৷ ভিটামিন-চিযুক্ত খাদ্য খালে ষ্ট্ৰেচ,, উদ্বেগ আদি কমি থাকে৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত ভিটামিন-চিযুক্ত খাদ্য বাদাম খালে মানসিক চাপ কমি থাকে৷ ইয়াৰ উপৰি জটিল কাৰ্বহাইড্ৰেটে মস্তিষ্কত বেছি ছেৰোটনিন হৰমন তৈয়াৰ কৰে, যিয়ে মনটো প্ৰফুল্লিত কৰি ৰাখি মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here