মহাকাশলৈ কাঠৰ উপগ্ৰহ কোনে, কেতিয়া প্ৰেৰণ কৰিব ? Who will launch wooden satellite into space and when?

0
938
জাপানে মহাকাশলৈ কাঠেৰে নিৰ্মাণ কৰা এটা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিব৷ দেশখনে এই কথা ঘোষণা কৰি কয় যে ইয়াৰ ফলত মহাকাশত প্ৰদূষণ হ্ৰাস পাব৷ কাঠেৰে নিৰ্মাণ কৰা এই কৃত্ৰিম উপগ্ৰহটো দেশখনে ২০২৩ চনত মহাকাশলৈ প্ৰেৰণ কৰিব৷ জাপানৰ কিয়ট’ বিশ্ববিদ্যালয় আৰু Sumitomo Forestry company-য়ে মিলি এই কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণৰ কাম কৰি আছে৷ তেওঁলোকে মহাকাশত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাই এই কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণ কৰিবলৈ লৈছে৷ উল্লেখ্য যে মানৱ নিৰ্মিত পুৰণি কৃত্ৰিম উপগ্ৰহকে ধৰি আৱৰ্জনাৰে ভৰি পৰিছে মহাকাশ৷ এই আৱৰ্জনাই পৃথিৱীৰ জলবায়ুতো প্ৰভাৱ পেলাইছে৷ মহাকাশত কাঠৰ অধিক ব্যৱহাৰক লৈ জাপানে গৱেষণাও আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here