এইবাৰ দুজনলৈ ৰসায়নৰ নোবেল বঁটা (Two scientists get Nobel Prize in chemistry this time. )

0
571
জাৰ্মান বিজ্ঞানী বেঞ্জামিন লিষ্ট্‌ আৰু স্কটলেণ্ডত জন্মগ্ৰহণ কৰা বিজ্ঞানী ডেভিদ ডব্লিউ চি মেক্‌মিলানলৈ এইবছৰৰ ৰসায়নৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ বেঞ্জামিন লিষ্ট্‌ মেক্স প্লাংক ইন্‌ষ্টিটিউটৰ আৰু মেক্‌মিলান প্ৰিন্সটন ইউনিভাৰ্ছিটিৰ বিজ্ঞানী৷ ‘এছিমেট্ৰিক অৰ্গানোকেটালাইছিছ (Asymmetric organocatalysis)’ হিচাপে জনাজাত অণু (মলিকুল) নিৰ্মাণৰ এটা নতুন উপায় উদ্ভাৱন কৰাৰ বাবে তেওঁলোকলৈ ৰসায়নৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ এনে অণু ঔষধৰ পৰা খাদ্য সুগন্ধিত কৰালৈকে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা হ’ব৷ পৰিৱেশত এনে অণুৰ প্ৰভাৱ যথেষ্ট কম৷ Royal Swedish Academy of Science-ৰ সচিব প্ৰধান গোৰান হানছনে আজি বঁটা প্ৰাপকদ্বয়ৰ নাম ঘোষণা কৰে৷ তেওঁলোকে ২০০০ চনত কেটালাইছিছৰ এটা নতুন উপায় উদ্ভাৱন কৰিছিল, কিন্তু একেটা বিষয়তে যে দুয়ো কাম কৰি আছে সেই কথা তেওঁলোকে নাজানিছিল৷ নোবেল বঁটা পোৱাত দুয়ো আচৰিত হৈ পৰে৷ লিষ্টে কয়, ‘মই কেতিয়াও এইটো (বঁটাটো) আশা কৰা নাছিলোঁ৷’ তেওঁ কয় যে ছুইডেনৰ পৰা তেওঁ টেলিফ’ন কল পাইছে আৰু পৰিয়ালৰ সৈতে বৰ্তমান তেওঁ আমষ্টাৰডামত বন্ধৰ দিন কটাই আছে৷ উল্লেখযোগ্য যে নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১.১৪ মিলিয়নৰো অধিক মাৰ্কিন ডলাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here