খালী পেটত ভুলতো এইবোৰ নাখাব

0
1838

ৰাতিপুৱা শুই উঠি বেয়া কথা বা কাম কৰিলে গোটেই দিনটোতে ইয়াৰ প্ৰভাৱ পৰে৷ খোৱাৰ ক্ষেত্ৰতো আমি কিছু সাৱধান হোৱাটো দৰকাৰ৷ সেয়েহে দিনটোৰ আৰম্ভণি ভালে ৰাখিবলৈ ৰুটিনমাফিক চলাটো খুবেই প্ৰয়োজন৷ দিনটোৰ এনেদৰে প্লেন কৰিব লাগে, যাতে গোটেই দিন পজিটিভ এনাৰ্জি পোৱা যায়৷ মনত ৰখা দৰকাৰ যে ৰাতিপুৱাৰ শুই উঠাৰ সময় সদায় এটা নিৰ্দিষ্ট হ’ব লাগে৷ কেতিয়াবা ৬ বজাত আন কেতিয়াবা ৭ বজাত এনেধৰণৰ হ’ব নালাগে৷

খালী পেটত কেতিয়াও পেইন কিলাৰ খাব নালাগে৷ আচপিৰিন, পেৰাছিটামল বা অন্য এণ্টি ইনফ্লেমেটৰি ঔষধ খালী পেটত খোৱাটো খুব ক্ষতিকাৰক৷ সেয়ে কিবা খাইহে এইবোৰ ঔষধ খোৱাটো উচিত৷ খালী পেটত ছুয়িংগাম খোৱাৰ অভ্যাস আছে যদি ততালিকে পৰিত্যাগ কৰক৷ আপোনাৰ অজানিতে এনে কুঅভ্যাসে আপোনালৈ বিপদ মাতি আনিব পাৰে৷ আনহাতে কাঢ়া চাহ বা কাঢ়া কফি খালী পেটত খালে শৰীৰৰ পুষ্টিগুণ নাইকিয়া কৰে৷ খালী পেটত মদ্যপান কৰাটো অনুচিত৷ ইয়াৰ ফলত শৰীৰৰ ক্ষতিৰ পৰিমাণ অধিকাংশ বাঢ়ি যায়৷ কিডনী, লিভাৰ, হাৰ্টৰ ৰোগত দ্ৰুতভাৱে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ খালী পেটত টেঙাজাতীয় বা খাৰজাতীয় খাদ্য খাব নালাগে৷ ইয়ে ওপৰ শ্বাসতন্ত্ৰৰ ৰোগ সৃষ্টি কৰিব পাৰে৷ খালী পেটত কল খাব নালাগে৷ খালী পেটত কল খালে পেটৰ বায়ুৰ চলাচল বন্ধ হৈ পৰে৷ পেটৰ বিষপৰ্যন্ত হ’ব পাৰে৷ আনহাতে ঠাণ্ডা দিনত খালী পেটত বিলাহী খালে ভাল যদিও গৰমৰ দিনত খালে পেট বা বুকু জ্বলিব পাৰে৷ আকৌ ঠাণ্ডা দিনত কেতিয়াও খালী পেটত আপেল খাব নালাগে৷ আপেল খালে ৰক্তচাপ বাঢ়িব পাৰে৷ একেদৰে ঠাণ্ডাৰ দিনত খালী পেটত কেতিয়াও দৈ নাখাব৷ ঠাণ্ডাৰ দিনত একো নোখোৱাকৈ মধুৰিআম খাব নালাগে; মধুৰিআম খোৱাৰ পাছত পানী কেতিয়াও নাখাব৷ ইয়াৰ ফলত পেটৰ বিষ, বদহজম হ’ব পাৰে৷ এনেধৰণৰ বহুতো খাদ্যবস্তু আছে, যিবোৰ আমি কেতিয়াও খালী পেটত খোৱাটো উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here