ভিটামিন-Bৰ অভাৱ হ’লে কেনেকৈ গম পাব?

0
888


ভিটামিন অবিহনে আমাৰ শৰীৰৰ পৰিপুষ্টি অসম্ভৱ৷ দেহত ভিটামিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাৰ প্ৰাদুৰ্ভাৱ হয়৷ তেনে এবিধ ভিটামিন হৈছে ভিটামিন-B৷ ই আমাৰ কোষসমূহ বিকশিত কৰাৰ লগতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াৰ আঠটা স্তৰ আছে– B1, B2, B3, B5, B6, B7, B9, B12৷ এই ভিটামিনসমূহ কি কি কামত উপকাৰী জানো আহক৷

[১] ভিটামিন-B1 স্নায়ুকোষ আৰু বিপাক ক্ৰিয়াৰ বাবে অতিকে প্ৰয়োজনীয়৷ শৰীৰত B1-ৰ অভাৱ হ’লে বেৰিবেৰি ৰোগে দেখা দিয়ে৷ ইয়াৰ বাবে খাওক কণী, ফুলকবি, গাখীৰ, বাদাম, ৰঙালাও ইত্যাদি৷

Vitamin B1 – Functions, Food Sources, Deficiencies and Toxicity


[২] ভিটামিন-B2 দৈহিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে দৰকাৰী৷ ই শৰীৰত শক্তি বৃদ্ধি কৰাৰ লগতে মাইগ্ৰেন, মাংসপেশীৰ বিষ, ছালৰ সমস্যা আদি নিৰাময় কৰে৷ ইয়াৰ বাবে খাওক বিলাহী, স্কোৱাচ, বন্ধাকবি, গাখীৰ, বিন, কণী ইত্যাদি৷

Taking Vitamin B2 in Pregnancy: Benefits, Intake & Food Sources


[৩] ভিটামিন-B3-এ খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰে৷ B3-এ ৰক্তচাপ নিয়ন্ত্ৰণ, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি আৰু কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ইয়াৰ বাবে খাওক সেউজীয়া মটৰ, ব্ৰাউন ৰাইচ, বাদাম, ব্ৰকলি, মাংস ইত্যাদি৷

Women Vitamin B3, Rs 3500 /kg John Aromas | ID: 18663893697


[8] ভিটামিন-B5-এ হৰমনৰ বিকাশত সহায় কৰে৷ ই ছাল, চুলি, চকু, লিভাৰ, পাচনতন্ত্ৰ আদি সুস্থ কৰি ৰখাত সহায় কৰে৷ ইয়াৰ বাবে খাওক ব্ৰকলি, মিঠাআলু, কণী, গাখীৰ, মাংস, কাঠফুলা, বাদাম আদি৷

Vitamin B5, Pantothenic Acid, Nutriiton Therapy Institute


[৫] ভিটামিন-B6-এ মানসিক অৱসাদ, চিন্তা, উদ্বিগ্নতা দূৰ কৰাৰ লগতে হাৰ্টৰ বিভিন্ন সমস্যা কম কৰে৷ ই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, এনিমিয়া, কৰ্কট ৰোগ প্ৰতিৰোধ কৰে আৰু দৃষ্টিশক্তি অটুট ৰখাটো সহায় কৰে৷ ইয়াৰ বাবে কল অতি উত্তম৷ ইয়াৰ উপৰি গাজৰ, গাখীৰ, চিজ, ব্ৰাউন ৰাইচ, পালেংশাক আদিত প্ৰচুৰ পৰিমাণে ভিটামিন-B6 থাকে৷

Vitamin B6, Pyridoxine, B Vitamins, Nutrition Therapy Institute


[৬] শৰীৰত ভিটামিন-B7ৰ অভাৱ হ’লে চুলি সৰা, হাত-ভৰি টান হৈ যোৱা, মতিভ্ৰম, মানসিক অৱসাদ, শৰীৰত শক্তিৰ অভাৱ ঘটিবলৈ ধৰে৷ ইয়াৰ বাবে খাওক পালেংশাক, গাজৰ, ফুলকবি, তৰমুজ, ওট্‌ছ, আখৰুট, আলমণ্ড ইত্যাদি৷

Healthy products as source minerals, vitamin B7 and fiber, nutritious eating concept photo by ratmaner on Envato Elements


[৭] ভিটামিন-B9-এ শৰীৰত লোহিত ৰক্তকণিকা উৎপন্ন হোৱাত সহায় কৰে৷ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ভিটামিন-B৯ৰ যথেষ্ট অভাৱ হোৱা দেখা যায়৷ গৰ্ভাৱস্থাত শিশুটিৰ মগজু আৰু হাড়ৰ সঠিক বিকাশত ভিটামিন-B9-এ সহায় কৰে৷ ইয়াৰ বাবে খাওক সাগৰীয় মাছ, সেউজীয়া শাক-পাচলি, বাদাম, বিট, কণী ইত্যাদি৷

Natural sources of vitamin B9 Stock Photo by furmanphoto | PhotoDune


[৮] ভিটামিন-B12ৰ অভাৱ হ’লে শৰীৰ দুৰ্বল হোৱা, কোষ্ঠকাঠিন্য, ওজন হ্ৰাস, খাদ্যৰ প্ৰতি অনীহা, এনিমিয়া, স্মৃতিশক্তি হ্ৰাস, মানসিক দুঃচিন্তা আদিয়ে দেখা দিয়ে৷ ইয়াৰ বাবে মাছ, মাংস, কণী, চিজ, দৈ, পনীৰ, কল, বাদাম আদি খোৱা উচিত৷

Vitamin B12 benefits for your physical and mental health- Deficiency, food sources | Health Tips and News

LEAVE A REPLY

Please enter your comment!
Please enter your name here