হিম’গ্লবিনৰ পৰিমাণ কমিছে নেকি?

0
2072
হিম'গ্লবিন হৈছে আমাৰ শৰীৰৰ ৰক্তকোষৰ আইৰনসমৃদ্ধ এটা প্ৰ’টিনস্বৰূপ৷ হিম'গ্লবিনে দেহৰ প্ৰতিটো অংগলৈ অক্সিজেন সৰবৰাহ কৰাত বিশেষ ভূমিকা পালন কৰে৷ শৰীৰত হিম'গ্লবিনৰ পৰিমাণ কমি গ’লে দেহত অক্সিজেনৰ সৰবৰাহ কমি যায়৷ ফলত শৰীৰ দুৰ্বল হৈ পৰে, মূৰৰ বিষ আৰু অন্যান্য ৰোগৰ লক্ষণে দেখা দিয়ে৷ সেয়েহে আজি আমি লৈ আহিছোঁ হিম'গ্লবিনৰ কেইটামান উৎস, যাৰ দৈনিক সেৱনে আপোনাৰ শৰীৰৰ হিম'গ্লবিনৰ মাত্ৰা অটুট ৰখাত সহায় কৰিব পাৰে৷

[১] হিম’গ্লবিনৰ প্ৰধান উৎস হৈছে বিট৷ বিটত প্ৰচুৰ পৰিমাণে আইৰন, ফলিক এচিড, পটাচিয়াম আদি থাকে, যিয়ে হিম’গ্লবিন বৃদ্ধিত যথেষ্ট সহায় কৰে৷

Simple Beetroot And Ginger Juice Recipe - Alphafoodie
Beetroot is one of the best ways to increase hemoglobin levels


[২] হিম’গ্লবিন বৃদ্ধি কৰিবৰ বাবে প্ৰতিদিনে এগিলাচকৈ ডালিমৰ ৰস খাব লাগে৷ আইৰন, কেলচিয়াম আৰু ফাইবাৰ সমৃদ্ধ ডালিমে তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্ত সঞ্চালন উন্নত কৰে৷

Pomegranate Juice Recipe, How to make Pomegranate Juice Recipe - Vaya.in
Drink pomegranate juice daily in order to ensure your hemoglobin levels


[৩] প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ অভ্যাস কৰিলে ই তেজত হিম’গ্লবিনৰ মাত্ৰা সঠিক ৰখাত সহায় কৰিব পাৰে৷

Do Apples Affect Diabetes and Blood Sugar Levels?
Apples are a suitable and delicious option when it comes to boosting hemoglobin levels.


[৪] খিচমিচ ৰাতি পানীত তিয়াই খালেও হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়৷

raisins health benefits » Dainik Bhashkar
Consuming Raisins can help increase the hemoglobin levels in your blood and prevent anemia


[৫] কণী, ডাৰ্ক চকলেট, কোমোৰা, তৰমুজ, বিলাহী, ছয়াবিন, সাগৰীয় মাছ, ভিটামিন-চিযুক্ত খাদ্যতো প্ৰচুৰ পৰিমাণে আইৰন থাকে, যিয়ে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিত যথেষ্ট সহায় কৰে৷

Top 8 Iron Rich Foods | Wellversed


গতিকে এনেধৰণৰ আইৰনসমৃদ্ধ খাদ্য আপোনাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি দেহত হিম’গ্লবিনৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত অৰিহণা যোগাওঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here