ভাৰতৰ নিবনুৱাৰ হাৰ বৃদ্ধিয়েভৱিষ্যতে কিহৰ ইংগিত দিয়ে !

0
127


ভাৰতৰ নিবনুৱাৰ হাৰ আগৰ মাহৰ ৯ শতাংশৰ পৰা ডিচেম্বৰত ৯.৩ শতাংশলৈ বৃদ্ধি পায়৷ ই হৈছে যোৱা ১৬ মাহৰ ভিতৰত সৰ্বোচ্চ৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি [চি এম আই ই]-এ প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ পাইছে৷ নৱেম্বৰ মাহৰ ৯.৯৬ শতাংশৰ পৰা নগৰীয়া নিবনুৱাৰ হাৰ ডিচেম্বৰত ১০.০৯ শতাংশলৈ বৃদ্ধি পাইছে৷ ইফালে গ্ৰামাঞ্চলৰ নিবনুৱাৰ হাৰ নৱেম্বৰৰ ৭.৫৫ শতাংশৰ পৰা ডিচেম্বৰত ৭.৪৪ শতাংশলৈ হ্ৰাস পাইছে৷ চি এম আইৰ পৰিচালন সঞ্চালক মহেশ ব্যাসৰ মতে নিবনুৱাৰ হাৰ বৃদ্ধি ‘দেখাৰ দৰে বেয়া নহয়৷’ কাৰণ শ্ৰমিকৰ অংশগ্ৰহণো বৃদ্ধি পাইছে৷ ডিচেম্বৰত শ্ৰমিকৰ অংশগ্ৰহণ ৪০.৪৮ শতাংশলৈ বৃদ্ধি পাইছে৷ই হৈছে ১২ মাহৰ ভিতৰত সৰ্বোচ্ছ৷ ৰাষ্ট্ৰীয় পৰিসাংখ্যিকীয় কাৰ্যালয়ে [এন এছ অ’] নৱেম্বৰত প্ৰকাশ কৰা তথ্য মতে নিবনুৱাৰ হাৰ এই বছৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ৭.২ শতাংশলৈ হ্ৰাস পাইছিল৷ যোৱা বছৰ একে সময়ছোৱাত এই হাৰ আছিল ৭.৬ শতাংশ৷ ডিচেম্বৰত নিবনুৱাৰ হাৰ হাৰিয়ানাত ৩৭.৪ শতাংশ, ৰাজস্থানত ২৮.৫ শতাংশ, দিল্লীত ২০.৯ শতাংশ আৰু বিহাৰত ১৯.১ শতাংশলৈ বৃদ্ধি পায়৷ ইফালে নিবনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম হোৱা ৰাজ্যসমূহৰ ভিতৰত আছে ওড়িষা [০.৯শতাংশ], গুজৰাট [২.৩ শতাংশ] মেঘালয় [২.৭ শতাংশ], মহাৰাষ্ট্ৰ [৩.১ শতাংশ], ছট্টিশগড় [৩.৪ শতাংশ], অসম [৪.৭ শতাংশ] আদি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here