ব্ৰিটেইনত প্ৰথম ভেক্‌চিন কোনে ল’ব?

0
1513

ব্ৰিটেইনত আজিৰ পৰা ক’ৰণা ভাইৰাছৰ ভেক্‌চিনৰ গণ টিকাকৰণ আৰম্ভ কৰা হ’ব৷ দেশখনত সৰ্বপ্ৰথমে ভেক্‌চিন দিয়াসকলৰ ভিতৰত মহাৰাণী এলিজাবেথো আছে৷ উল্লেখ্য যে ব্ৰিটেইনে ফাইজাৰ-বায়’ এন টেকে প্ৰস্তুত কৰা ভেক্‌চিনৰ টিকাকৰণৰ অনুমতি দিছে৷ ৰাণী এলিজাবেথৰ লগতে ৰাজকুমাৰ ফিলিপকো প্ৰথমে ভেক্‌চিন দিয়া হ’ব৷ দেশখনত আশী বছৰৰ ঊধবৰ্ৰ লোকসকলক প্ৰথমে ভেক্‌চিন দিয়া হ’ব৷ ব্ৰিটেইনত ই হ’ল সৰ্ববৃহৎ টিকাকৰণ অভিযান৷ ইফালে টিকাকৰণৰ বিৰুদ্ধে দেশখনত একাংশ লোকে অভিযান চলাই আছে৷ সেয়েহে ৰাণী এলিজাবেথক সৰ্বপ্ৰথমে এই ভেক্‌চিন দি জনসাধাৰণৰ মনত সৃষ্টি হোৱা আশংকা নিৰ্মূল কৰিবলৈ বিচৰা হৈছে৷ ব্ৰিটেইনে ফাইজাৰ-বায়’ এন টেকৰ পৰা ভেক্‌চিনৰ চাৰি কোটি ড’জ বিচাৰিছে৷ এই ভেক্‌চিনক ২১ দিনৰ ব্যৱধানত দুটা ড’জ দিয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here