ওখ হোৱাৰ টিপছ্

0
1919


আপোনাৰ ওখ হ’বলৈ মন নাযায়নে? চাপৰ বাবে কেতিয়াবা হীনমন্যতাত ভুগিছে নেকি? এইধৰণৰ বিভিন্ন কথাবোৰে আমাৰ মনত দোলা দি থাকে৷ চাপৰ মানুহজন কিছু কিছু ক্ষেত্ৰত সমস্যাৰো সন্মুখীন নোহোৱা নহয়৷ মানুহ চাপৰ হোৱাৰ মূল কাৰণ বংশগত যদিও সৰুকালছোৱাত পৰ্যাপ্ত পুষ্টিৰ অভাৱ, খেলা-ধূলা নকৰাকৈ থকা শিশুসকলে সাধাৰণতে এনেধৰণৰ শ্ৰীবৃদ্ধিজনিত ৰোগত ভোগে৷ সাধাৰণতে মানুহৰ এটা বয়সৰ পাছত আৰু শাৰীৰিক গঠনৰ বৃদ্ধি নহয়৷ এই সময়টো পোন্ধৰৰ পৰা ওঠৰ বছৰ বয়সলৈ থাকে যদিও কিছুমান ব্যায়াম আৰু পুষ্টিকাৰক দ্ৰব্যৰ জৰিয়তেও ওখ হোৱাৰ সম্ভাৱনীয়তা থাকে৷ আমি সুষম আহাৰ খাব লাগে৷ আমাৰ বিকাশৰ কাৰণে ভিটামিন, প্ৰ’টিনযুক্ত শাক-পাচলি অতি প্ৰয়োজনীয়৷ মেৰুদণ্ড পোণ কৰি খোজ কঢ়াৰ অভ্যাস কৰিব লাগে৷ এনে কৰিলে মেৰুদণ্ড টান হৈ পৰে, তেতিয়া লাহে লাহে উচ্ছতা বৃদ্ধিত সহায়ক হয়৷ নিয়মিত স্কিপিঙৰ জৰিয়তেও এজন মানুহ ওখ হোৱাৰ সম্ভাৱনা থাকে৷ ওখ হ’বৰ বাবে চাইকেল চলোৱা ভাল৷ ওখ হোৱাৰ উত্তম উপায় হ’ল সাঁতোৰা৷ সাঁতোৰাৰ ফলত আমাৰ শৰীৰৰ সকলো অংগৰে সঞ্চালন হয়৷ মুঠতে– শাৰীৰিক ব্যায়ামে আমাক ওখ হোৱাত অলপ হ’লেও অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here