ব্যতিক্ৰম মাচডোৰ উদ্যোগত ড্ৰাগ্‌ছ নিৰ্মূল অভিযান

0
544

মহানগৰীৰ ব্যতিক্ৰম মাচডোৰ উদ্যোগত ৬০ দিনৰ কাৰ্যসূচীৰে এণ্টি ড্ৰাগ্‌ছ কেম্পেইন [মাদক মুক্তি অভিযান] শীঘ্ৰেই আৰম্ভ কৰা হ’ব৷ সংস্থাৰ তৰফৰ পৰা সদৰী কৰা মতে অহা ৪ জুনত ৰাজভৱনৰ পৰা শুভাৰম্ভ কৰা হ’ব এই অভিযানৰ৷ শুভাৰম্ভ কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে৷ 
এই অনুষ্ঠানত উপস্থিত থাকিব সাংসদ ভুবনেশ্বৰ কলিতা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি৷ এই কাৰ্যসূচীৰ বিষয়ত আলোচনাৰ বাবে ব্যতিক্ৰম মাচডোৰ এটা প্ৰতিনিধিৰ দল অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে আলোচনাত মিলিত হয়৷ 
প্ৰতিনিধি দলটোত উপস্থিত থাকে ব্যতিক্ৰমৰ উপদেষ্টা মনীষা হাজৰিকা, প্ৰতিষ্ঠাপক সভাপতি সৌমেন ভাৰতীয়া, সাংগঠনিক সম্পাদক কাবেৰী শৰ্মা বৰুৱা আৰু দিশা চৌধুৰী৷ এই এণ্টি ড্ৰাগ্‌ছ কেম্পেইনত পুলিচ বিভাগৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ নিশ্চযতা প্ৰদান কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে৷ 
ড্ৰাগ্‌ছ কেম্পেইনক লৈ এটা সজাগতামূলক গীত ৰচনা আৰু সুৰ কৰিছে ময়ূখ হাজৰিকাই৷ এই অভিযানত সমাজৰ সকলো লোকে সহযোগ আগবঢ়াব পাৰিব৷ যোগাযোগ কৰিব পাৰে ৭৩৯৯০-০২৪৪৪ নম্বৰত৷ অভিযানটোৰ ব্ৰেণ্ড এম্বেছাডৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here