বিয়েৰৰ বটল কি কাৰণত বাদামী বা সেউজীয়া হয় ? Why are Beer bottles brown or green in colour?

0
1144
গৰমৰ দিনত বহুতেই বীয়েৰক শীতল পানীয় হিচাপে ব্যৱহাৰ কৰে৷ অত্যধিক গৰমৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে বীয়েৰ খোৱাটো বহুতেই পচন্দ কৰে৷ এই বীয়েৰৰ বটলবোৰ কেনে ৰঙৰ হয়, আপুনি নিশ্চয় মন কৰিছে৷ বীয়েৰৰ বটল কেতিয়াও বগা ৰঙৰ দেখিবলৈ পোৱা নাযায়৷ সকলো বীয়েৰৰ বটলৰ ৰং বাদামী বা সেউজীয়া বৰণৰ দেখা যায়৷ ইয়াৰ নিশ্চয় কাৰণ আছে৷

আপুনি হয়তো জানি আচৰিত হ’ব যে হাজাৰ বছৰৰ আগতে মিছৰত প্ৰথম বীয়েৰ প্ৰস্তুত কৰা হৈছিল৷ কিন্তু ১৯ শতিকাতহে বীয়েৰ বটলত সংৰক্ষণ কৰা হয়৷ সেই সময়ত বীয়েৰৰ সোৱাদ, গোন্ধ আৰু বেয়া নহ’বলৈ কাচৰ বটলত প্ৰথমে সংৰক্ষণ কৰা হৈছিল৷ সেই পৰম্পৰা বৰ্তমানেও অক্ষুণ্ণ আছে৷

Cold Beer in a Green Stock Footage Video (100% Royalty-free) 28383397 | Shutterstock


এতিয়া কথা হ’ল– বীয়েৰৰ বটল কি কাৰণত ৰঙচুৱা যেনে– বাদামী, সেউজীয়া ৰঙৰ হয়৷ গৱেষণাৰ পৰা দেখা গৈছে যে সাধাৰণ কাচৰ বটলত বীয়েৰ ৰাখিলে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত কেইঘণ্টামানৰ পাছতেই ইয়াৰ সোৱাদ, গোন্ধ, গুণ নাইকিয়া কৰি পেলায়৷ কিন্তু গাঢ় ৰঙচুৱা কাচৰ বটলৰ মাজেৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি পাৰ হ’বলৈ সহজে নোৱাৰে৷ ফলত ইয়াৰ ভিতৰত থকা পানীয়খিনি নিৰাপদে¸ খোৱাৰ উপযোগী হৈ থাকে৷ বৰ্তমান বীয়েৰ প্ৰস্তুতকাৰী কোম্পানীবোৰে কাচৰ বটলত অতিবেঙুনীয়া ৰশ্মিৰোধক কাটিং লগোৱা দেখিবলৈ পোৱা যায়৷ ইয়ে বীয়েৰৰ সোৱাদ ঠিকে ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here