বিশ্বত নতুন প্ৰত্যাহ্বানৰসৃষ্টি কৰিছে প্লাষ্টিকৰ কণাই

0
162

প্লাষ্টিকে বিশ্বৰ বাবে ভয়াৱহ পৰিস্থিতিৰ যে সৃষ্টি কৰিছে সেই কথা সকলোৱে জানে৷ শেহতীয়াকৈ বিজ্ঞানীসকলে দিয়া আন এক তথ্যই আন নতুন সংকটৰ ইংগিত দিছে৷ বায়ুমণ্ডলক ওপঙি থকা প্লাষ্টিকৰ কণা এতিয়া বৰষুণৰ পানীৰ লগত মিহলি হৈছে অথবা কঁুৱলীৰ সৈতে বায়ু মণ্ডলত ভাহি ফুৰিবলৈ লৈছে৷ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড টেকন’লজীৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পোৱা গৱেষণাৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি নিউজিলেণ্ডৰ ৰাজধানী অকলেণ্ডৰ নগৰীয়া অঞ্চলৰ ঘৰৰ ছাদত প্ৰতি বৰ্গমিটাৰত এদিনত গড় হিচাপত প্ত হাজাৰ প্লাষ্টিকৰ কণা জমা হ’বলৈ ধৰিছে৷ এবছৰত ইয়াৰ পৰিমাণ হ’ব প্ৰায় ৭৪ মেট্ৰিক টন বা ৩০ লাখ বটলত ব্যৱহাৰ কৰা প্লাষ্টিকৰ সমান৷ একেধৰণৰ গৱেষণা ২০২০ বৰ্ষত ব্ৰিটেইনত কৰা হৈছিল৷ তেতিয়া প্ৰকাশ কৰা অনুসৰি মহানগৰখনত মুকলি স্থানত প্ৰতি দিনে মাইক্ৰ’প্লাষ্টিকৰ ৭১১ ক্ষুদ্ৰকণা জমা হৈছিল৷ 
অৱশ্যে অকলেণ্ডৰ তুলনাত ইয়াৰ পৰিমাণ প্ৰায় ৬  গুণ কম৷ অৱশ্যে তেতিয়া প্লাষ্টিকৰ অতি ক্ষুদ্ৰ কণাক হিচাপত লোৱা হোৱা নাছিল৷ বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি এতিয়া প্লাষ্টিকৰ অতি ক্ষুদ্ৰ কণা উশাহৰ লগত আমাৰ শৰীৰতো প্ৰৱেশ কৰিছে৷ ইয়াৰ লগতে বৰষুণৰ পানী, সমুদ্ৰৰ পানী, খাদ্য সামগ্ৰী তথা খাদ্য শৃংখলাতো [ফুড চেইন] প্লাষ্টিকৰ অতি ক্ষুদ্ৰ কণা মিহলি হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে৷ অকলেণ্ডত গৱেষণাৰ সময়ত পোৱা কণাৰ আকাৰ ১০-৫০ মাইক্ৰ’মিটাৰৰ আছিল৷ কেৱল ৩ শতাংশ কণাৰ আকাৰহে ১০০ মাইক্ৰ’মিটাৰ বা তাতকৈ বেছি আছিল৷ অৱশ্যে মাইক্ৰ’ প্লাষ্টিক কণাই আমাৰ শৰীৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে বা পেলাইছে সেই সম্পৰ্কে সঠিকভাৱে এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি প্ৰতি বছৰে এজন ব্যক্তিৰ শৰীৰত প্লাষ্টিকৰ ৭৪ হাজাৰ কণা প্ৰৱেশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here