পেচাব কেতিয়াও ৰখাই নথ’ব হ’ব পাৰে ভয়ংকৰ বিপদ

0
318

বহুতৰে পেচাব ৰখাই থোৱাৰ এটা কুঅভ্যাস আছে৷ যিমান জোৰে লাগিলেও ঘণ্টাৰ পাছত ঘণ্টাপৰ্যন্ত প্ৰস্ৰাৱ নকৰি চুপে-চাপে থাকে৷ পাব্লিক টয়লেটলৈ  গ’লে ইনফেকশ্যন হোৱাৰ ভয়, বাহিৰলৈ গ’লে অপৰিষ্কাৰ বাথৰূম প্ৰস্ৰাৱ কৰিলে ৰোগৰ বীজাণু অহাৰ মানসিকতা আদি বিভিন্ন কাৰণত বহুতেই ঘৰৰ বাহিৰ ওলাই আহিলে পেচাব নকৰাকৈয়ে তেনেকৈ থাকে৷ ইয়াৰ ফলত যে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, সেইটো মুঠেও গুৰুত্ব দিয়া নহয়৷ এই অভ্যাস প্ৰতিজন মানুহৰ বাবে আটাইতকৈ বেয়া৷ কাৰণ এনে অভ্যাস গঢ় লৈ উঠিলে জটিল ব্যাধি সৃষ্টি হ’ব পাৰে৷ বহু সময় ধৰি পেচাব নকৰিলে বা পেচাব ৰখাই থ’লে কিধৰণৰ জটিল সমস্যাই দেখা দিব পাৰে জানো আহক৷
বহু সময় ধৰি পেচাব ৰখাই থ’লে কিডনী ষ্টোন হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ কিডনী ষ্টোন হ’লে অসহ্যকৰ বেদনা, প্ৰস্ৰাৱত তেজ ওলোৱা আদি নানা সমস্যাই দেখা দিব পাৰে৷ পৰিমাণৰ তুলনাত পানী কমকৈ খোৱা বা বহু সময় ধৰি পেচাব ৰখাই থোৱাৰ ফলত এনে সমস্যাই দেখা দিব পাৰে৷
আনহাতে বহু সময় ধৰি পেচাব নকৰিলে মূত্ৰনলীৰ সংক্ৰমণ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷ যদি বহু সময় ধৰি মূত্ৰাশয়ত মূত্ৰ জমা হৈ থাকে, তেতিয়াহ’লে মূত্ৰাশয় ফাটি গৈ গোটেই শৰীৰক ইনফেক্‌শ্যন হ’ব পাৰে৷ কিয়নো মূত্ৰাশয়ৰ পেচাব ধৰি ৰখাই এটা নিৰ্দিষ্ট ক্ষমতা থাকে তাৰ অন্যথা ভয়ানক বিপদ হ’ব পাৰে৷ প্ৰস্ৰাৱ লাগিলেও কৰিবলৈ নগৈ চুপেচাপে এইদৰে দীৰ্ঘদিন ধৰি অভ্যাসৰ ফলত ব্লাডাৰ ব্লাষ্ট হোৱাৰ বিৰল ঘটনাও হ’ব পাৰে৷ যিহেতু মূত্ৰত বিভিন্ন ধৰণৰ অপকাৰী বেক্টেৰিয়া থাকে৷ সেয়ে এই বেক্টেৰিয়াই শৰীৰৰ নানা বিসংগতিৰ সৃষ্টি কৰিব পাৰে৷
বেছি ক্ষেত্ৰতে দেখা যায় যে কোনো কাৰণ নোহোৱাকৈ প্ৰস্ৰাৱৰ স্থান হঠাৎ বিষ বেদনা আৰম্ভ হয়৷ দীৰ্ঘসময় ধৰি পেচাব নকৰি উজাই থাকিলে এই সমস্যাই দেখা দিব পাৰে৷ মূত্ৰাশয়ত পৰা অতিৰিক্ত চাপ পৰাৰ বাবে বিষ অনুভৱ হয়৷
এইদৰে পেচাব ৰখোৱাৰ ফলত পেচাবস্থলীৰ স্বাভাৱিক কাৰ্যক্ষমতা নোহোৱা হয়৷ কিয়নো বহুসময় পেচাবনলীত পেচাব ৰৈ থকাৰ ফলত পেলভিক পেশীৰ ওপৰত চাপ পৰে৷ যাৰ বাবে ইউৰিন দেহৰ বিভিন্ন ঠাইলৈ সিঁচৰতি হৈ যাব পাৰে৷ তেতিয়া প্ৰস্ৰাৱনলীৰ ইউৰিন ধৰি ৰখাৰ ক্ষমতা লোপ পায়

LEAVE A REPLY

Please enter your comment!
Please enter your name here