পুৱা খালী পেটে সংগম কৰিলে শৰীৰৰ কি উপকাৰ হয় জানেনে ?

0
217


ৰাতিপুৱা সোনকালে উঠি খালী পেটত যদি সংগম কাৰ্যত লিপ্ত হয়, তেনেহ’লে ইয়াৰ ফলত আপোনাৰ বিভিন্ন শাৰীৰিক লাভালাভ হ’ব পাৰে৷ আপুনি খুব সোনকালে বিছনাৰ পৰা উঠে বা সাৰ পায়৷ লগতে আপুনি বিবাহিতও৷ বিবাহৰ পাছত সুস্থ যৌন জীৱন আৰম্ভ কৰিছে আৰু যৌনতা অথবা যৌন মিলনৰ বাবে আপোনাৰ সংগীও যথেষ্ট আগ্ৰহান্বিত তথা উৎসুক্য, তেনেহ’লে আপোনাৰ শৰীৰ আৰু মন সুস্থ ৰখাৰ বাবে পুৱাই যৌন মিলনত লিপ্ত হ’ব পাৰে৷ ইয়াৰ ফলত আপোনাৰ শাৰীৰিক বিভিন্ন অসুবিধা নোহোৱা হয় আৰু এটা সুস্থ-সবল শৰীৰৰ অধিকাৰী হ’ব পাৰে৷ জানো আহক পুৱাই সংগমত লিপ্ত হ’লে কি লাভ হয়৷
নিয়মিতভাৱে পুৱাই খালী পেটত যৌন মিলন কৰিলে হাৰ্ট এটেকৰ সমস্যা নোহোৱা হয়৷
বিবাহৰ পাছত আপুনি যদি ৰাতিপুৱাই সংগম কৰে, তেন্তে ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷
পুৱাই যৌন মিলন কৰিলে কেলৰি বাৰ্ন হয়৷ এইদৰে কৰা যৌন মিলনে শাৰীৰিক ব্যায়ামৰ কাম কৰে৷ ইয়াৰ ফলত শৰীৰৰ মেদ বা চৰ্বি কমাত সহায়ক হয়৷ শৰীৰৰ ফিট থাকিবলৈ পুৱাই যৌন মিলন কৰিব পাৰে৷
মানসিক চাপ, টেনশ্যন, উচ্চ ৰক্তচাপৰ দৰে সমস্যাত ভোগাসকলে পুৱাই সংগম কৰিলে এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ ইয়াৰ উপৰি শৰীৰৰ এণ্টিবডীৰ পৰিমাণ বঢ়োৱাত পুৱা কৰা যৌন মিলনে সহায় কৰে৷
গৱেষণাৰ পৰা জনা গৈছে যে যিসকলে সপ্তাহত তিনিবাৰ যৌন সংগম কৰে, তেওঁলোকৰ হাৰ্টৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে মস্তিষ্কৰ ৰক্ত সঞ্চালন ক্ষমতা বাঢ়ি যায়৷
ইয়াৰ উপৰি যৌন সংগমে মানসিকভাৱে মানুহ এজনক শক্তিশালী কৰে৷ যৌন মিলন কৰাৰ পাছত মানুহৰ মনটো আনন্দ তথা স্ফূৰ্তি লাভ কৰে, যিয়ে মানসিকভাৱে সুস্থ-সবল হোৱাৰ অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here