সমীক্ষা : ভাৰতীয় মহিলাই বিবাহৰ পৰিৱৰ্তে চাকৰিক অগ্ৰাধিকাৰ দিয়ে

0
177


ভাৰতীয় মহিলাসকলে শিক্ষা গ্ৰহণ সমাপ্ত কৰাৰ পাছত বিবাহৰ পৰিৱৰ্তে চাকৰি কৰাতহে অধিক অগ্ৰাধিকাৰ দিয়ে৷ ইউনিচেফে চলোৱা এটা সমীক্ষাৰ পৰা এই কথা জানিব পৰা গৈছে৷ ইউনিচেফৰ এই সমীক্ষাটোত কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণৰ প্ৰতি যুৱক-যুৱতীসকলৰ দৃষ্টিভংগী সম্পৰ্কে জানিব বিচৰা হৈছিল৷ ইয়াৰ পৰা দেশখনৰ মহিলাসকলে শিক্ষা সমাপ্ত হোৱাৰ পাছত বিবাহত বহাৰ পৰিৱৰ্তে চাকৰিক অগ্ৰাধিকাৰ এক শক্তিশালী প্ৰৱণতাৰ বিষয়ে জানিব পৰা গৈছে৷ উক্ত সমীক্ষাটোত সমগ্ৰ দেশৰ ১৯-২৯ বছৰ বয়সৰ ২৪ হাজাৰতকৈও অধিক যুৱক-যুৱতীক মতামত জানিব বিচৰা হৈছিল৷ ইয়াত অংশগ্ৰহণ কৰা ৭৫ শতাংশতকৈও অধিক যুৱক-যুৱতীয়ে মত ব্যক্ত কৰে যে পঢ়া-শুনা শেষ কৰাৰ পাছত মহিলাসকলৰ আটাইতকৈ ডাঙৰ পদক্ষেপটোৱে হৈছে সংস্থাপন লাভ কৰা৷ আনহাতে মাত্ৰ পাঁচ শতাংশ যুৱক-যুৱতীয়ে বিবাহৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here