পিৰিয়ডৰ তিনিদিন ছেম্পু নকৰিব ক্ষতিকৰ কাৰণ জানো আহক

0
53

পিৰিয়ডৰ সময়ৰ প্ৰথম তিনি দিন ছেম্পু নকৰিব আৰু ইয়াৰ কাৰণ জানিলে হয়তো আপুনি এই ভুল কেতিয়াও নকৰে৷ প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত এক বেদনাদায়ক পৰিস্থিতিৰ মাজেৰে পাৰ হয় এই পিৰিয়ডৰ সময়খিনি৷ এই বিশেষ সময়ত প্ৰায়গৰাকী মহিলাৰ ক্ষেত্ৰতে পেটৰ বিষ, কঁকালৰ বিষ আদি একাধিক সমস্যাই দেখা দিয়ে৷ সেয়ে এই পিৰিয়ডৰ সময়ত মহিলাসকলে কিছুমান কামৰ পৰা বিৰত থকা উচিত৷ কোৱা হয় এই পিৰিয়ডৰ চলাকালীন মহিলাসকলে চুলি নোধোৱাটো ভাল৷ যদিও বৰ্তমান কি পুৰুষ কি নাৰী সকলোৱে কৰ্মব্যস্ততাৰ জীৱনত কামৰ তাগিদাত বাহিৰলৈ ওলাবলগীয়া হয়েই আৰু ইয়াৰ বাবে চুলি ধোৱাটো প্ৰয়োজনীয়৷ কিন্তু মহিলাসকলে এইকেইদিন চুলি নোধোৱাকৈ থকাটো যুগুত৷ এই সময়ত কি কাৰণত চুলি ধুবলৈ মানা কৰা হয়, তাৰ আঁৰত কুসংস্কাৰ নহয়, আছে কিছু বৈজ্ঞানিক ভিত্তি৷ এই সময়খিনিত মূৰত ছেম্পু ব্যৱহাৰ কৰিব নালাগে, কাৰণ পিৰিয়ডৰ সময়ত চুলিৰ গুৰিবোৰ নৰম হৈ থাকে৷ ফলত নোমকুপ উন্মুক্ত হৈ যায়৷ এই সময়ত ছেম্পু ব্যৱহাৰ কৰাৰ ফলত দীৰ্ঘস্থায়ীকৈ মূৰৰ বিষ হ’ব পাৰে৷ এই সময়ত ছেম্পু কৰিলে ব্লাড ফ্লু কমি যায়৷ ইয়াৰ ফলত মহিলাসকলৰ একাধিক সমস্যাই দেখা দিব পাৰে৷ পিৰিয়ডৰ সময়ত শৰীৰৰ তাপমাত্ৰা বেছি থাকে বাবে শৰীৰৰ পৰা টক্সিন বাহিৰ হোৱাত অসুবিধা হয়৷ তেনে অৱস্থাত ছেম্পু কৰা  উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here