মঙলত পানী থকাৰ ধাৰণা সলনি কৰিলে নাছাৰ যানে

0
45


মঙল গ্ৰহত কি আগৰে পৰা পানী আছিল নেকি? এই প্ৰশ্ন বহুদিনধৰি চৰ্চিত হৈ আহিছে৷ তাৰ উত্তৰ হিচাপে বিজ্ঞানীসকলে সময়ে সময়ে দি আহিছে৷ কোটি কোটি বছৰ আগতে মঙলত পানীৰ উপস্থিতিৰ নানা তথ্য প্ৰকাশ কৰিছে বিজ্ঞানীয়ে৷ এইবাৰ মঙল গ্ৰহত একেবাৰে মূল কেন্দ্ৰত অৱস্থান কৰিছে কিউৰিঅ’চিটি৷ এই যানখন সঠিক ঠাইত অৱস্থান কৰাৰ লগে লগে ৰঙা গ্ৰহত পানীৰ উপস্থিতি তথা পানী থকাৰ ধাৰণাটো সঠিক তথ্য দিব বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷ মঙল গ্ৰহত নাছাৰ যান গৈ পোৱাৰ পাছত ইয়াৰ মাটিত ঘূৰি সকলো তথ্য কিউৰিঅ’চিটিয়ে পঠিয়াইছে৷ ইয়াৰ পৰাই মঙল পানীৰ থকাৰ ৰহস্য উদঘাটনৰ বহু তথ্য আগবাঢ়িছে৷ বিজ্ঞানীৰ ধাৰণা যেতিয়া এই যানখন মঙলত উপস্থিত হৈছে, সেই সময়ত পানীৰ ধাৰা বৈ যোৱাৰ প্ৰমাণ পাব পাৰে কিউৰিঅ’চিটিয়ে৷ আৰু এই প্ৰমাণে সলনি কৰিব পাৰে মঙল গ্ৰহত পানীৰ উপস্থিতিৰ তথ্য৷ উল্লেখ্য যে মঙলৰ গেডিজ ভালিছ চেনেল নামৰ এক ঠাইত অৱস্থান কৰিছে কিউৰিঅ’চিটিয়ে৷ য’ত এটা মাটিৰ অংশ একা-বেঁকা হোৱাৰ ছবি আকাশৰ পৰা প্ৰত্যক্ষ কৰিছে বিজ্ঞানীয়ে৷ ইয়াৰ পৰাই বিজ্ঞানীয়ে অনুমান কৰিছে যে পৃথিৱীৰ দৰে মঙলৰ বুকুতো একা-বেঁকা ৰূপ ধাৰণ কৰি প্ৰাচীন নদী আকাৰে বৈছে৷ সেয়ে কিউৰিঅ’চিটিয়ে ইয়াৰ অধিক তথ্য প্ৰকাশ কৰালৈ বিজ্ঞানীয়ে বাট চাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here