মানসিকভাৱে শক্তিশালী হ’বলৈ জীৱনলৈ আনক এই পৰিৱৰ্তন

0
34


কিছু কিছুৱে তীব্ৰ কষ্টকৰ, যন্ত্ৰণাময় পৱিৱেশ-পৰিস্থিতি দেখিলে ভয় খাই যায়, আন কিছুৱে আকৌ এনে পৰিৱেশ তথা পৰিস্থিতিৰ সৈতে সাহসৰে মোকাবিলা কৰে৷ অতি জটিল পৰিস্থিতি যিসকলে সাহসেৰে বুদ্ধিৰে সন্মুখীন হ’ব পাৰে, তথা এনে পৰিস্থিতিক সহজে জয় কৰিব পাৰে, সেইসকল লোককহে প্ৰকৃততে মানসিকভাৱে যথেষ্ট শক্তিশালী বুলি গণ্য কৰা হয়৷ এনে লোকে জীৱনৰ যিকোনো কঠিন সময়ত সহজে হাৰ নামানে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰিলৈ লয়, যিয়ে এটা সুন্দৰ জীৱনত কোনো বাধা বা বিপদৰ সৃষ্টি কৰিব নোৱাৰে৷ মানসিকভাৱে শক্তিশালী হ’বলৈ অৱশ্যে কিছু নিয়ম মানি চলা দৰকাৰ৷
মনত ৰাখিব জীৱন সদায় একধৰণে নচলে৷ জীৱনত উত্থান-পতন থাকেই৷ সকলো সময়তে যিদৰে ভাল দিন যিধৰণেৰে নাযায়, ঠিক একেদৰে বেয়া দিনো সদায় লগত নাথাকে৷ মানুহে জীৱনত বিভিন্ন সমস্যাৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হয়৷ গতিকে জীৱনৰ যিকোনো সময়তে বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলৈ মানসিকভাৱে প্ৰস্তুত থাকিব লাগে৷ তেতিয়া মনৰ মাজত কোনো নিগেটিভিটি আহিলেও মোকাবিলা কৰিব পাৰে৷
যিকোনো কাম যিমানেই কঠিন নহওক কিয়, মনৰ জোৰ থাকিলে সকলো কাম সহজে সমাধা কৰিব পাৰি৷ জীৱনত হৰা-জিকা থাকেই৷ সেয়ে প্ৰথমেই হাৰিলে পুনঃ পুনঃ চেষ্টাৰ বলত পুনৰ জয়লাভ সম্ভৱ হৈ উঠে৷ এটা কথা মনত ৰাখিব আপুনি প্ৰথমৰ পৰাই পজিটিভ থাকক৷ দুখ-কষ্ট হ’লেও সহজে চম্ভালি ল’বলৈ শিকক৷ মনক কেতিয়াও ভাঙিবলৈ নিদিব৷
কেতিয়াও কোনো কামক লৈ অত্যধিক চাপ নল’ব৷ অত্যধিক চাপে আপোনাৰ কামটো সুকলমে হোৱাৰ ব্যাঘাত জন্মাব আৰু কামটো সৃংখলাবদ্ধভাৱে হোৱাত ক্ষতি কৰিব পাৰে৷
যিকোনো পৰিস্থিতিৰ সৈতে খাব খাবলৈ চেষ্টা কৰক৷ এনে বহু লোক আছে যিয়ে সকলো পৰিস্থিতিৰ সৈতে সহজে মোকাবিলা কৰিব নোৱাৰে অথবা এইধৰণৰ পৰিস্থিতিৰ পৰা দূৰত অৱস্থান কৰে৷ নিজৰ কামটো সুকলমে কৰিবলৈ যত্ন কৰক৷ কামক লৈ কোনো সংকোচ বা অভিযোগ নকৰিব বা অযথা অজুহাত নেদেখুৱাব৷
যিসকল লোক মানসিকভাৱে শক্তিশালী, তেনে লোকে আনক দোষাৰোপ নকৰে বা নিজৰ দোষ সহজে স্বীকাৰ কৰিব পাৰে৷
মানৱ জীৱনটো খুব চুটি৷ জীৱনত সকলো সুযোগ বাৰে বাৰে নাহে৷ কিবা ভুলৰ বাবে কাৰোবাৰ ওচৰত ক্ষমা কৰিবলৈ লগে লগে কৰক৷ অথবা প্ৰকাশ্যে কাৰোবাৰ ক্ষমা কৰি দিয়াৰ দৰে ভাল কাম মানসিকভাৱে শক্তিশালী লোকজনেহে কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here