নৱপ্ৰজন্মক অসমৰ গ্ৰাম্য কৃষি অৰ্থনীতিক আগুৱাই নিয়াৰ আহ্বান

0
693

নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত একাংশ নিবনুৱা যুৱকে ‘শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম’ খুলি ৮০ বিঘা মাটিত ৰঙালাওৰ খেতি কৰি উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে৷ কৃষি মন্ত্ৰী অতুল বৰাই এই ফাৰ্মখন পৰিদৰ্শন কৰি কয় যে অসমে কৃষি-অৰ্থনীতিৰ বুনিয়াদ গঢ়াৰ বাবে সংকল্প লৈছে৷ কৃষিৰ উৎপাদন, ফচল বৃদ্ধি আদিৰ লক্ষ্যৰে যাতে অসমে অসমৰ উৎপাদিত সামগ্ৰীৰে বহিঃৰাজ্যৰ লগতে বিদেশৰ বজাৰো দখল কৰিব পাৰে তাৰ বাবে অসমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ তেওঁ আৰু কয় যে কৃষকে কৃষিৰ আয় বৃদ্ধি আৰু জি ডি পি বৃদ্ধিৰ লগতে এক যুগান্তকাৰী অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে প্তখন অগ্ৰণী ৰাজ্যৰ ভিতৰত অসমকো আগবঢ়াই নিব লাগিব৷ অসম চৰকাৰে কৃষিজাত সামগ্ৰী ৰপ্তানি
তো গুৰুত্ব দিছে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ কৃষিজাত সামগ্ৰীয়ে ইতিমধ্যে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ লগতে উদ্যান শস্যৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰতো কৃষি বিভাগে গুৰুত্ব দিছে৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৃষিৰ প্ৰতি অসমৰ যুৱ প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নতুন প্ৰজন্মই নিজেও উদ্যান শস্যৰে জড়িত হৈ অসমৰ গ্ৰাম্য কৃষি-অৰ্থনীতিক আগুৱাই নিব লাগে৷ ইপিনে খেতিয়কক পাৱাৰ টিলাৰ, ফচল আৰু বীজ ব্যাপক পৰিমাণত যোগান ধৰা হৈছে৷ সেয়ে কৃষকে একেডৰা মাটিতে বিভিন্ন শস্যৰ খেতি কৰিব লাগে৷ অসমত অচিৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে এই কৃষি ফাৰ্মে ২০১২ চনৰ পৰা ৰঙালাওৰ খেতিৰ জৰিয়তে অৰ্থনৈতিক ভেটি গঢ়ি তুলিছে৷ এইবেলি ৰঙালাও বিক্ৰী কৰি ২০ লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য বান্ধি লৈছে এই ফাৰ্মখনে৷ এই ফাৰ্মখনেই গঢ়ি তুলিছে পাগলাদিয়া ৰিজৰ্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here