জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অভাৱনীয় হাৰত বৃদ্ধি অবৈধ বজাৰ

0
172

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে দীৰ্ঘদিন ধৰি মুকলিকৈ  চলাই আহিছে মাছ-মাংসৰ ব্যৱসায়৷ পৌৰ নিগম কতৃৰ্পক্ষই এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কেতিয়াবা অভিযান চলায় যদিও সেই অভিযান পুনৰ আধাতে সামৰাৰ ফলত পুনৰ অস্বাস্থ্যকৰ পৰিৱেশতে ব্যৱসায়ীসকলে মাছ-মাংস বিক্ৰী কৰি আহিছে৷ বিশেষকৈ সমগ্ৰ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰতেই মাছ-মাংসৰ চাহিদা অত্যধিক৷ যাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ লগতে কাষৰীয়া জিলাৰ পৰা দৈনিক গুৱাহাটীলৈ বৃহৎ পৰিমাণৰ মাছ-মাংস আহে৷ ইয়াৰে বহিঃৰাজ্যৰ পৰা অহা মাছ-মাংসসমূহ মহানগৰৰ পাইকাৰী বজাৰত বিক্ৰী হোৱাৰ লগতে কাষৰীয়া বিভিন্ন জিলাৰ পৰা গাড়ীৰ জৰিয়তে মাছ-মাংস গুৱাহাটীলৈ বিক্ৰীৰ বাবে লৈ অহা থলুৱা ব্যৱসায়ীসকলে একাংশ পথৰ কাষত বা বিভিন্ন অস্বাস্থ্যকৰ ঠাইত বিক্ৰী কৰি পুনৰ ঘৰলৈ উভতি যায়৷ 
দীৰ্ঘদিন ধৰি মহানগৰত এনে ব্যৱস্থাই অব্যাহত আছে যদিও বৰ্তমান গুৱাহাটীত মাছ-মাংসৰ ব্যৱসায়ীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ফলত সমস্যাও বৃদ্ধি পাইছে৷ কাৰণ একাংশ ব্যৱসায়ীয়ে ভৰলুৰ কাষত বা পদপথতে মুকলিকৈ মাছ-মাংস  বিক্ৰী কৰাৰ ফলত পদপথেৰে অহা-যোৱা কৰা লোকৰ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে মাছ-মাংসৰ পেলনীয়া সামগ্ৰী পেলোৱাৰ ফলত ঠাইসমূহ দুৰ্গন্ধময় হৈ পৰাত পথচাৰী অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷ আনহাতে, অস্বাস্থ্যকৰ আৰু মুকলি পৰিৱেশত বিক্ৰী কৰা মাংস খাই গ্ৰাহকসকলো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে৷ মহানগৰৰ বিভিন্ন ঠাইত এতিয়া মুকলি আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰা এক প্ৰতিযোগিতাৰ দৰে হৈ পৰাৰ লগতে অধিকাংশ ব্যৱসায়ীৰেই নাই পৌৰ নিগমৰ মাছ-মাংস বিক্ৰীৰ বাবে থাকিবলগীয়া অনুজ্ঞাপত্ৰ৷ কিন্তু আইন উলংঘা কৰি এইদৰেই একাংশই কৰি আহিছে মাছ-মাংসৰ ব্যৱসায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here