নৱজাতকৰ মৃত্যুৰ ঘটনা দেশৰ তৃতীয় স্থানত অসম

0
642
ৰাজ্যত নৱজাতকৰ মৃত্যুৰ ছবিখন অতি দুখলগা হোৱা পৰিলক্ষিত হৈছে৷ নতুনকৈ জন্ম হোৱা শিশুৰ মৃত্যুৰ ঘটনাৰ ভিতৰত দেশৰ ভিতৰত তৃতীয় স্থানত আছে অসম৷ প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে বিহাৰ আৰু ত্ৰিপুৰা৷ জন্মৰ ২৮ দিনৰ ভিতৰত দেশৰ আটাইবোৰ ৰাজ্যতেই মৃত্যুমুখত পৰে নৱজাতক৷ প্ৰতি এহেজাৰ নৱজাতকৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলত ২৬টি আৰু চহৰত ১৬টি শিশুৰ মৃত্যু হয়৷ এমাহ নৌহওঁতেই বিভিন্ন কাৰণত এইদৰে মৃত্যুমুখত পৰে নৱজাতক৷ বিগত ২০১৯-২০ বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ত নৱজাতকৰ মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য৷ বিহাৰত এহেজাৰ নৱজাতকৰ বিপৰীতে গ্ৰামাঞ্চলত ৩৫ আৰু চহৰত মৃত্যু হয় ২০টি নৱজাতক৷ সেইদৰে ত্ৰিপুৰাৰ গাঁৱত ২৫ আৰু চহৰত ১৪টি নৱজাতকৰ প্ৰতি এহেজাৰৰ ভিতৰত জন্মৰ ২৮ দিনৰ ভিতৰত মৃত্যু হয়৷ এই ক্ষেত্ৰত সন্তোষজনক স্থানত আছে কেৰালা আৰু ছিকিম৷ কেৰালাত মাত্ৰ ২জন আৰু ছিকিমত ৭জন নৱজাতকৰ মৃত্যু হয়৷ উল্লেখ্য যে প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰতো অন্য বহু ৰাজ্যৰ তুলনাত অসম শীৰ্ষত আছে৷ প্ৰসূতি আৰু নৱজাতকৰ মৃত্যু ৰোধৰ ক্ষেত্ৰত যে অসম বহু পিছপৰি আছে, সেয়া স্পষ্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here