নেমু-নিমখ-জালুকৰ মিশ্ৰণেৰে পাওক আচৰিত লাভ

0
390
নেমু-নিমখ আৰু জালুকৰ গুড়ি – এই তিনিওবিধ সামগ্ৰীক প্ৰাচীন কালৰে পৰা বিভিন্ন ধৰণৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ নেমুত প্ৰচুৰ পৰিমাণে এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা উপাদান পোৱা যায়৷ একেদৰে জালুকৰ গুড়িও এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েলৰ ভাল উৎস৷ গতিকে এই প্ৰাকৃতিক সামগ্ৰীকেইবিধক যেতিয়া একেলগে মিশ্ৰণ কৰা হ’ব, তেতিয়া ভাবক ই আপোনাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী হ’ব৷ তেন্তে জানো আহক নেমু, নিমখ আৰু জালুকৰ গুড়িৰে কি কি সমস্যা সমাধান কৰিব পাৰি৷

[১] ডিঙিৰ খিচ্‌খিচনি, বিষ, খাদ্যবস্তু গিলিব নোৱৰা সমস্যা হ’লে নেমুৰ ৰস, জালুকৰ গুড়ি আৰু নিমখ এগিলাচ গৰম পানীত মিশ্ৰণ কৰি লৈ দৈনিক গাৰ্গল কৰিলে আৰাম পোৱা যায়৷


[২] বমিৰ সমস্যাত নেমুৰ ৰস আৰু জালুকৰ গুড়ি এগিলাচ গৰম পানীৰ লগত মিশ্ৰণ কৰি চিপচিপকৈ খালে সুফল পাব পাৰি৷


[৩] নেমুত থকা পলিফেনলে মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাসত সহায় কৰে৷ ইয়াৰ বাবে দুচামুচ নেমুৰ ৰসৰ লগত জালুকৰ গুড়ি আৰু মৌ মিশ্ৰণ কৰি নিমখ-মিশ্ৰিত গৰম পানীৰ লগত ৰাতিপুৱা খালী পেটত খাব লাগে৷


[8] নেমুৰ ৰস, নিমখ আৰু জালুকৰ গুড়ি অলিভ অইলৰ লগত সেৱন কৰিলে গলব্লাডাৰৰ পাথৰ গলোৱাত সহায় কৰে৷


[৫] দাঁতৰ বিষ হ’লে এচামুচ লঙৰ তেল, নেমুৰ ৰস, জালুকৰ গুড়ি আৰু নিমখ মিশ্ৰণ কৰি দাঁতত লগালে আৰাম পোৱা যায়৷ ইয়াত থকা এণ্টিইনফ্লেমেটৰি উপাদানৰ বাবে এই মিশ্ৰণখিনি গৰম পানীৰ লগত মিহলাই মুখ কুলকুলালেও দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here