শৰীৰৰ Stamina বৃদ্ধিৰ কাৰণে কি কৰিব?

0
850
Stamina-ই শৰীৰৰ বল তথা শক্তিক বুজায়, যিয়ে বহু দেৰিলৈ শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ মনোবল অটুট ৰাখি আপোনাক কাম কৰিবলৈ উদগনি যোগায়৷ প্ৰচুৰ পৰিমাণৰ ষ্টেমিনাই ভাগৰ-দুৰ্বল আদি কম কৰি আপোনাক দৈনিক কাম-কাজ কৰাত শক্তিৰ যোগান ধৰে৷ সেয়েহে জানো আহক Stamina বৃদ্ধি কৰিবলৈ আপুনি কি কৰিব৷

[১] দৈনিক ব্যায়াম, শৰীৰচৰ্চাই আপোনাৰ ষ্টেমিনা বৃদ্ধি কৰিব পাৰে৷ ইয়াৰ বাবে আপুনি দৌৰা, বেগাই খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱা আদি কাম কৰিব পাৰে৷

Cycling Tips - 100 Best Bike-Riding Tips for Riders


[২] আপোনাৰ শৰীৰৰ ষ্টেমিনা বৃদ্ধি কৰিবলৈ সুষম খাদ্য ডায়েটত অন্তৰ্ভুক্ত কৰা উচিত৷ অলপ অলপকৈ আৰু সঘনাই হেল্‌থি খাদ্য খালে শৰীৰৰ ষ্টেমিনা অটুট থাকে৷ ইয়াৰ বাবে ফল-মূল, কেঁচা শাক-পাচলি, বাদাম, দৈ, ওট্‌ছ আদিয়েই উত্তম৷

Do you keep trying new diets? Changing food habits frequently or abruptly may harm health - The Economic Times


[৩] গৱেষণা অনুসৰি গান শুনিলেও ষ্টেমিনা বৃদ্ধি পায়৷ অৰ্থাৎ গান শুনি শুনি শৰীৰচৰ্চা কৰিলে হৃদপিণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধি পাই ষ্টেমিনা বঢ়োৱাত অৰিহণা যোগায়৷


[8] কেতিয়াবা শৰীৰত পানীৰ অভাৱ হ’লেও ষ্টেমিনা হ্ৰাস পায়৷ সেয়েহে প্ৰচুৰ পৰিমাণে পানী খাই শৰীৰটোক হাইড্ৰেট কৰি ৰখা উচিত৷

Want to lose weight? Start by ensuring you drink enough water, says this nutritionist


[৫] শাৰীৰিক আৰু মানসিকভাৱে মনোবল বৃদ্ধি কৰাৰ বাবে দৈনিক ৮ ঘণ্টা টোপনি মাৰি শৰীৰ তথা মগজুক আৰাম প্ৰদান কৰা অত্যন্ত জৰুৰী৷

Ask the Expert: What Is a Good Night's Sleep? - Firstbeat


[৬] লগতে কেফেইনযুক্ত খাদ্যসমূহে ষ্টেমিনা উন্নত কৰাত যথেষ্ট সহায় কৰে৷ শৰীৰচৰ্চা কৰাৰ আগত কেফেইনযুক্ত চাহ বা কফি সেৱন কৰিলে ই গোটেই দিনটো আপোনাৰ শক্তি ধৰি ৰাখিব পাৰে৷ কিন্তু মনত ৰখা উচিত , অতিৰিক্ত কেফেইন শৰীৰৰ বাবে উপকাৰী নহয়৷

How the consumption of coffee before workout is beneficial for health - lifealth


[৭] একেদৰে যোগ-প্ৰাণায়াম আৰু ধ্যান যেনে– ত্ৰিকোণাসন, বৃক্ষাসন, বালাসন আদিয়েও আপোনাৰ মনটোক সুস্থিৰ কৰি অধিক মনোবল বৃদ্ধি কৰিব পাৰে৷

All about Child's Pose - YOGA PRACTICE

LEAVE A REPLY

Please enter your comment!
Please enter your name here