তৃতীয় ঢৌত অসমত হ’ব পাৰে অভাৱনীয় পৰিস্থিতি

0
638
দেশৰ আন আন ৰাজ্যৰ তুলনাত  কভিড-১৯ৰ ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত অসম বহু পিছপৰি আছে৷ অচিৰেই কৰ’নাৰ তৃতীয়টো ঢৌ আহিব পাৰে বুলি যি সময়ত সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে, সেই সময়টো অসমত এতিয়ালৈকে  মাত্ৰ ১২.৪৪ শতাংশ লোকেহে দুয়োপালি ভেক্‌চিন লাভ কৰিছে৷ আনহাতে প্ৰথম পালি ভেক্‌চিন ৫৭.৭৩ শতাংশ লোকে লাভ কৰিছে যদিও ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ ঊৰ্ধবৰ ৪২.২৭ শতাংশ লোকে  এক পালিও ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এনে পৰিস্থিতিত বিজ্ঞানীসকলে আশংকা কৰাৰ দৰেই কৰ’নাৰ তৃতীয়টো ঢৌ যদি শীঘ্ৰে আৰম্ভ হয়, তেনেহ’লে অসমত পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব যে সেয়া নিশ্চিত৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত ভেক্‌চিন দিবলগীয়া ১৮ বছৰৰ ঊৰ্ধবৰ লোকৰ সংখ্যা হৈছে প্ৰায় ২ কোটি ৩১ লাখ ৩১ হাজাৰ৷ ইয়াৰ ভিতৰত ৰাজ্যখনত প্ৰথমপালি ভেক্‌চিন লাভ কৰিছে ১,৩৩,৫৫,২৩২জন লোকে৷ আনহাতে দুয়োপালি ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ২৮,৭৮৫১৪জন৷ প্ৰকৃততে ৰাজ্য চৰকাৰখনে ভেক্‌চিন প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণে ভেক্‌চিন যোগান ধৰা নাই৷ যাৰ বাবে ৰাজ্যখনত ভেক্‌চিন প্ৰদান কাৰ্য যথেষ্ট লেহেম গতিত চলি আছে৷ অসমৰ এই পৰিস্থিতিৰ বিপৰীতে দেশৰ আন বহুকেইখন ৰাজ্য কিন্তু ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছে৷ উদাহৰণস্বৰূপে অসমৰ সৈতে প্ৰায় সমান জনসংখ্যা থকা কেৰালাত ইতিমধ্যে ২ কোটি ৭০ লাখ লোকে ভেক্‌চিন লাভ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে অসমতকৈও কম প্ৰায় দুই কোটি জনসংখ্যা থকা দিল্লীতো এতিয়ালৈকে প্ৰায় ১ কোটি ২৭ লাখ লোকে ভেক্‌চিন লাভ কৰিছে৷ আনহাতে উত্তৰ প্ৰদেশে প্ৰায় ৬ কোটি ৬০ লাখ, মহাৰাষ্ট্ৰই প্ৰায় ৫ কোটি ৪৮ লাখ, গুজৰাটে প্ৰায় ৪ কোটি ৪০ লাখ, মধ্য প্ৰদেশে প্ৰায় ৪ কোটি ২৬ লাখ, কৰ্ণাটকে প্ৰায় ৩ কোটি ৮৪ লাখ, পশ্চিম বংগই প্ৰায় ৩ কোটি ৭৬ লাখ লোকক ভেক্‌চিন দিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here