নিশাৰ আহাৰ দেৰিকৈ খালে হ’ব পাৰে এইবোৰ মাৰাত্মক সমস্যা

0
263


আজিকালি মানুহৰ কৰ্মব্যস্ততা ইমানেই বাঢ়িছে যে খোৱা-শোৱাৰ সঠিক সময় নোহোৱা হৈছে৷ দিনৰ লেখীয়া ৰাতিও মানুহে ব্যস্ততাৰে পাৰ কৰাৰ ফলত সঠিক সময়ত খাবলৈ আহৰি নাপায় অথবা পাহৰিয়েই যায় খোৱাৰ সময়৷ আনহাতে আমাৰ মাজৰে বহুতেই ৰাতি ১১-১২ বজাতহে ডিনাৰ গ্ৰহণ কৰে৷ এই ভুলৰ বাবে তেওঁলোকৰ শৰীৰত একাধিক সমস্যাই দেখা দিব পাৰে৷ কিন্তু যিমানেই কামত ব্যস্ত নাথাকক লাগিলে নিয়ম অনুসৰি উপযুক্ত সময়ত খোৱা শোৱা কৰিলে শৰীৰৰ স্বাস্থ্য অটুট থাকে৷ অন্যথা বিভিন্ন ৰোগে শৰীৰটো আক্ৰমণ কৰিবলৈ সুবিধা পায়৷ সেয়ে অন্ততঃ ৰাতিৰ খোৱাৰ সময়ত সঠিকভাৱে ৰখাটো অত্যন্ত জৰুৰী৷ সেয়ে বিশেষজ্ঞই নিশা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে৷ সেয়ে শৰীৰ সুস্থ কৰি ৰাখিবলৈ এইবোৰ মানি চলাটো দৰকাৰ৷
বিশেষজ্ঞই কৈছে যে ৰাতি দেৰিকৈ খোৱাৰ ফলত টোপনি ঠিকমতে নাহে, অৰ্থাৎ টোপনি ক্ষতি হোৱাৰ আশংকা বেছি৷ অথবা ৰাতি সঘনাই টোপনি ভাঙি যাব পাৰে৷ সেয়ে শান্তিমতে শুবলৈ নিশা ৯ বজাৰ আগতে নিশাৰ আহাৰ গ্ৰহণ কৰা উচিত৷
আমাৰ মাজৰ বহুতেই হজম সমস্যাত ভোগা দেখা যায়৷ এইধৰণৰ সমস্যা থাকিলে বেছি ৰাতিলৈ খোৱাৰ অভ্যাস কৰাটো ভুল৷ কাৰণ বেছি ৰাতিলৈকে খোৱাৰ অভ্যাস কৰিলে খাদ্য হজম সহজে নহয়৷ যাৰ ফলত গেছ, এচিডিটি আদিৰ দৰে সমস্যাই গা কৰি উঠিব পাৰে৷
ৰাতি আমাৰ বিপাক ক্ৰিয়া মন্থৰ হৈ যায়৷ সেয়ে বেছি ৰাতি আহাৰ গ্ৰহণ কৰিলে খাদ্যত মজুত থকা কেলৰি বাৰ্ন কৰা সম্ভৱ নহয়৷ সেয়ে এই অতিৰিক্ত কেলৰি ফেট হিচাপে শৰীৰত জমা হয়৷ ইয়াৰ ফলত শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়ি যায়৷ গৱেষণাত দেখা গৈছে যে নিশা দেৰিকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত ডায়েবেটিছ তথা ব্লাড প্ৰেছাৰৰ দৰে ঘাতক বেমাৰে আক্ৰমণ কৰাৰ সম্ভাৱনা যথেষ্ট থাকে৷ সেয়ে সুস্থ-সবল জীৱন কটাব বিচাৰিলে ৰাতি ৯ বজাৰ আগতে নিশাৰ আহাৰ গ্ৰহণ কৰা উচিত৷
ৰাতি বেছি দেৰিকৈ খোৱা অথবা শোৱাৰ ফলত পিছদিনা পুৱা উঠিয়েই মনটো বেয়া বা অশান্তৰ ভাব অনুভৱ হয়৷ আনকি এই ভুলৰ বাবে উৎকণ্ঠা আৰু অৱসাদৰ দৰে সমস্যাৰ আশংকা থাকে৷ সেয়ে খেলাল ৰখা দৰকাৰ যে আপুনি ৰাতি খাই-বৈ শুবলৈ গ’লে পুৱা সোনকালে সাৰ পালে মনটো সুন্দৰ আনন্দৰ ভাব লাগি থাকে৷ যাৰ ফলত দিনটোৰ কৰ্মখিনি আপুনি সুকলমে কৰাত সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here