স্বাস্থ্য সুস্থ ৰাখিবলৈ সপ্তাহত এবাৰ কান্দক

0
158


মানুহ যেতিয়া সুখত থাকে তেতিয়া মুখত অনৱৰতে হাঁহি বিৰিঙি থাকে৷ হাঁহি থকা মানুহ সদায় সুখী বুলি কোৱা হয়৷ ইয়াৰ লগতে মানুহে সুস্থতাৰ বাবে নিয়মীয়াকৈ হাঁহিব লাগে বুলিও কোৱা হয়৷ এতিয়া মানুহক নিতৌ হঁহুওৱাৰ ব্যৱস্থাও কৰা হৈছে৷ ইয়াৰ বিপৰীতে মানুহ যেতিয়া দুখত পৰে তেতিয়া কান্দিবলৈ ধৰে৷ সাধাৰণতে কন্দাটো দুখৰে চিন বুলি কোৱা হয়৷ কিন্তু এতিয়া এই ধাৰণাৰ পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ এতিয়া কন্দাটোও স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি কোৱা হৈছে৷ একাংশ লোকে এতিয়া ৱেবছাইট খুলি মানুহত সপ্তাহত কমেও এবাৰ কন্দাৰ বাবে আহবান জনাইছে৷ বিজ্ঞানীসকলেও এই কথা প্ৰকাশ কৰিছে যে সপ্তাহত এবাৰ কান্দিলে স্বাস্থ্যৰ কোনো ক্ষতি নহয়৷ ৱেবছাইটত এইবুলি কোৱা হৈছে যে বিজ্ঞানৰ মতে, কন্দাটো স্বাস্থ্যৰ বাবে হানিকাৰক নহয়, বৰং সপ্তাহত এবাৰ কান্দিলে স্বাস্থ্যৰ বাবে ভালহে৷ ডেইলী ষ্টাৰত প্ৰকাশ পোৱা অনুসৰি মানুহক সপ্তাহত এদিন কন্দাৰ বাবে উৎসাহিত কৰা এই ৱেবছাইটটোৰ নাম হ’ল cryoncesweek.com৷ এই ৱেবছাইটটোত এইবুলি আহ্বান জনোৱা হৈছে মানুহে ৱেবছাইটটো খুলি তাত দেখুওৱা ভিডিঅ’ চাব লাগে আৰু এই ভিডিঅ’ চালে নকন্দাকৈ থাকিব নোৱাৰে৷ মানুহক কন্দুওৱাৰ কাৰণে এই ৱেবছাইটটোত ভালেমান ভিডিঅ’ আপল’ড কৰা আছে৷ ইয়াৰ লগতে ২০১৮ চনত ‘দ্য ইণ্ডিপেডেণ্ট’ত প্ৰকাশ পোৱা এটা নিবন্ধৰ লিংকো দিয়া হৈছে, য’ত কোৱা হৈছে যে মানুহক কন্দুৱাব পৰা চিনেমা চোৱাতো মানসিক স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াৰ ফলত মানসিক চাপ হ্ৰাস পায়৷ বিশেষজ্ঞসকলৰ মতে শোৱা বা হঁহাতকৈ মানসিক চাপক বাহিৰলৈ উলিয়াই পঠিওৱাটো অধিক উপকাৰী আৰু ইয়াৰ বাবে কন্দাটো ভাল৷ কৰুণ সুৰৰ সংগীত, চকুপানী উলিয়াই দিব পৰা চিনেমা চোৱা তথা দুখজনক কাহিনী থকা কিতাপ পঢ়িলে পেৰাছিম্পেথেটিক নাৰ্ভ সক্ৰিয় হৈ পৰে৷ ইয়াৰ ফলত হৃদপিণ্ডৰ ধপধপনি হ্ৰাস কৰে আৰু মগজুৱে সকাহ দিব পৰা প্ৰভাৱৰ সৃষ্টি কৰে৷ সপ্তাহত এদিন কান্দিব পাৰিলে জীৱন মানসিক চাপমুক্ত হৈ পৰিব পাৰে বুলি লগতে কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here