নখৰ পৰা মেহেন্দিৰ ৰং কিদৰে গুচাব ? How to remove mehndi from nails?

0
446
হাতত জেতুকা বা মেহেন্দি লগোৱা কাৰ্যই মহিলাৰ হাতৰ শোভা বৰ্ধন কৰে৷ বিয়াৰ কইনাই যেতিয়া হাতত মেহেন্দি লগায়, তেতিয়া হাতৰ সৌন্দৰ্য দুগুণ বৃদ্ধি পায়৷ পিছে মেহেন্দিৰ ৰং হাতৰ ছালৰ পৰা সোনকালে আঁতৰিলেও নখৰ পৰা ৰং গুচোৱাত বহুদিন লাগি যায়৷ এনে অৱস্থাত নখ দেখিবলৈ বেয়া লগা হয়৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কেইটামান টিপছ, যাৰ জৰিয়তে আপুনি অতি সোনকালে নখৰ পৰা ৰং গুচাব পাৰিব৷
Henna and Cochineal on nails | So top picture is 2 applicati… | Flickr

(১) নিমখক ক্লিনজিং এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়৷ ই একেবাৰে প্ৰাকৃতিক৷ সেয়েহে মেহেন্দিৰ ৰং নখৰ পৰা গুচাবলৈ নিমখ-মিশ্ৰিত পানীত নখকেইটা ২০ মিনিটমান জুবুৰিয়াই ৰাখক৷


(২) নাইবা অলিভ অইল আৰু নিমখ একেলগে মিশ্ৰণ কৰি নখকেইটাত ঘঁহি লগাওক৷ ইয়াৰ পাছত কপাহেৰে নখকেইটা ঘঁহি ঘঁহি মচি দিয়ক৷ এনেদৰে কৰিলেও সুফল লাভ কৰিব পাৰিব৷


(৩) গৰম পানীৰ দ্বাৰাও নখৰ পৰা মেহেন্দিৰ ৰং সহজে আঁতৰাব পাৰি৷ ইয়াৰ বাবে নখকেইটা গৰম পানীত ২০ মিনিটমান তিয়াই ৰাখি ব্ৰাছেৰে ঘঁঁহি দিয়ক৷


(8) নখৰ পৰা মেহেন্দিৰ ৰং গুচোৱাত নেমু আৰু বেকিং ছ’ডাও বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে নেমুৰ ৰস আৰু বেকিং ছ’ডা একেলগে মিশ্ৰণ কৰি লওক৷ তাৰ পাছত অলপ কপাহ মিশ্ৰণটোত জুবুৰিয়াই নখত কিছু সময় লগাই থৈ দিয়ক৷ দুঘণ্টামান পাছত কপাহখিনি গুচাই পানীৰে নখকেইটা ধুই দিয়ক৷


এনেধৰণে আপুনি মেহেন্দিৰ ৰং নখৰ পৰা অতি সহজে আঁতৰাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here