বিশেষজ্ঞ চিন্তিত ! ৰাজ্যত অভাৱনীয়ভাৱে জলবায়ুৰ পৰিৱৰ্তন (Drastic climatic change in State)

0
1347
অভাৱনীয়ভাৱে অসমত জলবায়ুৰ পৰিৱৰ্তন হৈছে৷ অক্টোবৰ মাহতো গৰমে দহিছে ৰাজ্যবাসীক৷ যি সময়ত ৰাজ্যখনলৈ শীতৰ আগমন ঘটিব লাগিছিল, সেই সময়ত ৰাজ্যখনত তাপমান ৩৭.৭ ডিগ্ৰীলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত দেখা দিয়া এই অভাৱনীয় জলবায়ু পৰিৱৰ্তনক লৈ আনকি বিশেষজ্ঞসকলো চিন্তিত হৈ পৰিছে৷ কিয়নো চলিত বৰ্ষা কালত ৰাজ্যখনত অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণো হ্ৰাস পাইছিল৷ প্ৰণিধানযোগ্য যে ১৫ অক্টোবৰৰ দিনটোত গুৱাহাটীত তাপমান আছিল ৩৭.৭ ডিগ্ৰী৷ ইয়াৰ পূৰ্বতে অক্টোবৰ মাহত গুৱাহাটীৰ তাপমান কেতিয়াও ইমান বৃদ্ধি পোৱা নাছিল৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, অহা দেওবাৰপৰ্যন্ত ৰাজ্যত বৰষুণ হোৱাৰ কোনোধৰণৰ সম্ভাৱনা নাই৷ শনিবাৰপৰ্যন্ত ৰাজ্যত গৰমৰ প্ৰকোপ একেই থকাৰ সম্ভাৱনা৷ মন কৰিবলগীয়া কথা যে দেশৰ ভিতৰতে জলবায়ু পৰিৱৰ্তনৰ ফলত অভাৱনীয় প্ৰভাৱ পৰা ৰাজ্যসমূহৰ ভিতৰত অসম হৈছে অন্যতম৷ এইবাৰ ৰাজ্যখনত স্বাভাৱিক অৱস্থাতকৈ ২২ শতাংশ বৰষুণ কম হৈছে৷ সাধাৰণতে অসমত বাৰিষা কালত ৰাজ্যখনত ১৭৬৬.২ মিলিমিটাৰ বৰষুণ হয়৷ কিন্তু এইবাৰ ৰাজ্যখনত এই সময়ছোৱাত হোৱা বৰষুণৰ পৰিমাণ হৈছে মাত্ৰ ১৩৮৪.৫ মিলিমিটাৰহে৷ ইয়াৰ পৰাই বুজা যায় ৰাজ্যখনত কিদৰে জলবায়ুৰ পৰিৱৰ্তন হৈছে৷ আনকি ৰাজ্যখনৰ মুঠ ২৩খন জিলাতেই জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্ৰভাৱ পৰিছে বুলি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ জলবায়ুৰ পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰকাশ কৰা এখন প্ৰতিবেদনতো প্ৰকাশ পাইছে৷ জলবায়ু পৰিৱৰ্তনৰ কাৰণে অনাগত দিনত ৰাজ্যখনতঅভাৱনীয় বান-খৰাং আদিৰ উপৰি ২০৫০ চনৰ ভিতৰত ৰাজ্যখনৰ তাপমান ১.৭১-২.২ ডিগ্ৰী বৃদ্ধিপোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বিজ্ঞানীসকলে৷ জলবায়ু পৰিৱৰ্তনৰ বাবেই ২০৫০ চনত ৰাজ্যখনৰ চাহ উৎপাদনো প্ৰায় ৪০ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ পিছে এনে আশংকাৰ মাজতে শেহতীয়াকৈ ৰাজ্যখনত গ্ৰীষ্মকালৰ দৰেই তাপমান বৃদ্ধি পোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here