দৈ-খিচমিচৰ কম্বিনেশ্যন : জানো আহক ইয়াৰ উপকাৰিতা

0
1770
শৰীৰটো সুস্থ ৰখাৰ কাৰণে সুষম আহাৰ আৰু স্বাস্থ্যকৰ আহাৰ অত্যন্ত জৰুৰী৷ এইধৰণৰ খাদ্যৰ সহায়তহে ব্যক্তি এজনৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভৱ হয়৷  কিছুমান খাদ্য আছে যিসমূহ কেতিয়াও একেলগে খোৱা উচিত নহয়৷ আনহাতে আন কিছুমান খাদ্য আছে, যিবোৰ খাদ্যৰ মিশ্ৰণ একেলগে খালে ছুপাৰফুডলৈ পৰিণত হয়৷ শৰীৰৰ দুগুণ লাভ হয়৷ সেইসমূহৰ ভিতৰত দৈ আৰু খিচমিচ এবিধ৷ এই দুবিধ একেলগে খালে শৰীৰ সুস্থ ৰখাৰ লগতে নানা সমস্যা দূৰ কৰাত সহায় কৰে৷

(১) দৈ আৰু খিচমিচ একেলগে খালে বেয়া বেক্টেৰিয়া নাশ কৰাৰ লগতে ভাল বেক্টেৰিয়াৰ বিকাশত সহায় কৰে৷ কাৰণ দৈ শৰীৰত প্ৰ’-বায়’টিক হিচাপে আৰু খিচমিচত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে বাবে ই প্ৰি-বায়’টিক হিচাপে কাম কৰে৷


(২) বিশেষজ্ঞৰ মতে দৈৰ সৈতে খিচমিচ মিহলি কৰি খালে চুলি সৰা আৰু চুলিৰ ৰুক্ষতা নোহোৱা হয়৷


(৩) মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বেথা নিৰাময়ৰ বাবে দৈৰ সৈতে খিচমিচ মিহলি কৰি খালে সুফল পোৱা যায়৷

Gut Health Tips: Add Raisins To Set Your Curd To Get Rid Of Constipation, Inflammation And More


(8) দৈ আৰু খিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ সেয়েহে এই মিশ্ৰণে হাড় মজবুত কৰাত সহায় কৰে৷ ইয়াৰ উপৰি হাড়ৰ ঘনত্ব বৃদ্ধি কৰাতো এই কম্বিনেশ্যনৰ যথেষ্ট অৱদান আছে৷


(৫) এটা বাটিত গৰম গাখীৰ লৈ তাত খিচমিচ মিহলি কৰি সেৱন কৰিলে ৰুক্ষ ছালৰ সমস্যা দূৰ কৰি ছাল উজ্জ্বল আৰু মসৃণ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here