দেশৰ প্ৰতিজন নাগৰিকে লাভ কৰিব ভেকচিন : প্ৰধানমন্ত্ৰী

0
1776

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হৈ দেশত কৰ’না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ পৰ্যলোচনা কৰে৷ ইয়াৰ লগতে সকলোৱে যাতে মিলি কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কাম কৰি যাব পাৰে, তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক লিখিতভাৱে পৰামৰ্শ দিয়াৰ আহবান জনাইছে৷ মোডীয়ে বৈঠকত কয়– ‘দুৰ্যোগৰ গভীৰ সমুদ্ৰৰ পৰা বাহিৰ হৈ আমি এতিয়া পাৰলৈ আগবাঢ়িছোঁ৷ এনেকুৱা অৱস্থা নহওক যাতে য’ত পানী কম আছে, কিন্তু তাতেই নাও বুৰ গৈছে৷’ প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ’না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰি ৰখাৰ প্ৰয়োজন আছে৷ তেওঁ কৰ’নাৰ বিৰুদ্ধে যুঁজখন সামান্য পৰিমাণেও শিথিলতা নেদেখুৱাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীসকলক আগতকৈ অধিক সতৰ্ক হৈ থকাৰ পৰামৰ্শ আগবঢ়াই তেওঁ লগতে কয় যে আৰ টি-পি চি আৰ পৰীক্ষা বৃদ্ধি আৰু ঘৰতে আইছ’লেশ্যনত থকা ৰোগীসকলৰ ওপৰত অধিক গুৰুত্বসহকাৰে নিৰীক্ষণ কৰা উচিত৷ মোডীয়ে কয় যে ভেকচিনৰ বিকাশৰ কাম অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু ভাৰতে প্ৰতিটো ভেকচিনৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ ভেকচিন এটা নে দুটা অথবা তিনিটা ড’জত হ’ব, সেইটো এতিয়াই ক’ব নোৱাৰি আৰু দামৰ বিষয়েও এতিয়াই ক’ব নোৱাৰি বুলিও তেওঁ ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন লাভ কৰাটো নিশ্চিত৷ আনহাতে ভেকচিন বিতৰণৰ বাবে তেওঁ ৰাজ্য, জিলা তথা ব্লক পৰ্যায়ত টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ আহ্বান জনায়৷ উক্ত বৈঠকত গৃহ মন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনেও অংশগ্ৰহণ কৰে৷ মোডীয়ে ভেকচিনৰ পাশ্বৰ্ক্ৰিয়াৰ প্ৰতি ৰাজ্যসমূহক সতৰ্ক কৰি দিয়ে আৰু ইয়াৰ প্ৰতি সাজু হৈ থাকিবলৈ আহ্বান জনায়৷ আন ঔষধৰ দৰে ভেকচিনৰো কিছুমান লোকৰ ক্ষেত্ৰত পাশ্বৰ্ক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে বুলিও লগতে প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here